মাৰ্জাৰ চুক্তি অনুসৰি ভাৰতৰ সৈতে চামিল হোৱা কোচ ৰাজ্যকো  কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যদা দিয়ক :আক্ৰাছু

aakrasu

বঙাইগাঁওঃ

কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা আৰু অনুচ্ছেদ ৩৫ (এ) কৰ্তন কৰি জম্মু আৰু কাশ্মীৰক যি ঐতিহাসিক সিদ্ধান্ত ললে আৰু বিশেষ ৰাজ্যৰ মৰ্যদা বাতিল কৰি জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিলে তাৰ বাবে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কেন্দ্ৰীয় চকৰাৰক অভিনন্দন জ্ঞাপন কৰিছে ৷ এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাক অভিনন্দন জনাই লগতে কয় যে ১৯৪৯ চনৰ ২৮ আগষ্টত তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু,গৃহমন্ত্ৰী চৰ্দাৰ বল্লৱভাই পেটেল আৰু কোচ ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ দেৱৰ মাজত ঐতিহাসিক মাৰ্জাৰ চুক্তি মৰ্মে কোচ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল আৰু এই চুক্তি মৰ্মে কোচ ৰাজ্যক 'চি' কেটেগৰীৰ ৰাজ্য হিচাপে মৰ্যদা দিয়াৰ কথা আছিল ৷ কিন্তু তেতিয়াৰ ভাৰত চৰকাৰে কোনো গুৰুত্বয়ে নিদিলে ৷ গতিকে জম্মু-কাশ্মীৰৰ দৰে কোচ ৰাজ্যকো কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আক্ৰাছুৱে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৷ অন্যাথা আগন্তুক দিনত সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও প্ৰেছ বিবৃতিটোত সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণ উল্লেখ কৰিছে ৷ 

Your Comments