অযোধ্যাত শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ত বিশেষ পূজা সম্পন্ন

puja

বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী-আমিনগাঁও প্ৰখণ্ডৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ত সোমবাৰে নিশা ৰুদ্ৰাভিষেক অনুষ্ঠান সম্পন্ন কৰা হয়।সমাজত শান্তি- ভাতৃত্ববোধ জাগৃত হোৱা  আৰু হিন্দু সমাজৰ আশা-আকাংক্ষা পূৰণৰ আশাৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়।নিশা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই বৈদিক ৰীতি-নীতিৰে আয়োজিত ধৰ্মীয় অনুষ্ঠানটো নিশা ১২:৩৫ বজাত সম্পন্ন হয়।

puja

বিশ্ব হিন্দু পৰিষদৰ উত্তৰ গুৱাহাটী-আমিনগাঁও প্ৰখণ্ডৰ সম্পাদক জ্যোতিপ্ৰসাদ তামুলীয়ে জানিবলৈ দিয়া মতে অনুষ্ঠানতে অযোধ্যাত শ্ৰীৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য শীঘ্ৰেই আৰম্ভ হোৱাৰ বাবে ভগৱানৰ ওচৰত বিশেষ প্ৰাৰ্থনা জনোৱা হয়।

Your Comments