খোদ জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

পৰিৱৰ্তনকামী বিজেপি মিত্ৰজোঁট চৰকাৰখনে আঢ়ৈটা বছৰ অতিক্ৰম কৰিলে ৷ পৰিৱৰ্তনৰ সপোন দেখুৱাই চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা চৰকাৰখনৰ জলসিঞ্চন বিভাগৰ অৱস্থা কিন্তু এতিয়াও তথৈবচ ।

ৰাজ্যৰ খোদ জলসিঞ্চন মন্ত্ৰীৰ সমষ্টিতেই এতিয়া প্ৰতিফলিত হৈছে জলসিঞ্চনৰ এই পয়ালগা অৱস্থা ৷ আমাৰ হাতত পৰা তথ্য অনুযায়ী জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ সমষ্টিৰ সীমামূৰীয়া অঞ্চল তথা 

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

ৰঙিয়া জলসিঞ্চন বিভাগৰ অন্তৰ্গত ডোবক চনমাগুৰি জলসিঞ্চন সংমণ্ডলটো নিৰ্মাণ কৰা হ'ল যদিও এতিয়া কিন্তু কাৰ্যক্ষম হৈ থকা নাই ৷

যাৰবাবে গাঁওবাসীয়ে কৃষিকৰ্মৰ বাবে পৰ্যাপ্ত পানীৰ অসুবিধা এতিয়াও ভুগি আছে ৷ বহু বছৰ ধৰি বিকল হৈ থকাৰ ফলত কৃষকসকলৰ খেতি-বাতিৰ বাবে পানীৰ অভাৱ হোৱা বুলি আমাক জানিবলৈ দিয়ে ৷

এই বিষয়ে গাঁওবাসীয়ে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই বুলি নিউজ এএছএনক জানিবলৈ দিয়ে ।

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

মাজে-সময়ে কৰ্মচাৰী আহি ইয়াক চলোৱাৰ ব্যৱস্থা কৰে যদিও পাম্পটোৰ মটৰ বেয়া হৈ থকাৰ বাবে পানী যোগান ধৰিব পৰা নাই বুলি কৃষক ৰাইজক অৱগত কৰে ।

একেদৰে কনিহাৰ ইচ্চাদঘৰীয়া অঞ্চলত থকা জলসিঞ্চন প্ৰকল্পটো ২০১৩-২০১৪ বৰ্ষত নিৰ্মাণ কৰা হ'ল যদিও আজিলৈকে তাৰ পৰা গাঁওবাসীয়ে পানী পাবলৈ সক্ষম নহ'ল ।

পাম্পটো নিৰ্মাণ কৰা হ'ল যদিও বৰ্তমানলৈ কোনো কৰ্মচাৰী আহি পাম্পটোৰ মেচিন চলোৱা নাই বুলি ৰাইজে আমাক জানিবলৈ দিয়ে ।

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

তেনেদৰে মধুকুছি জলসিঞ্চন আঁচনিৰ অৱস্থাও একেই । মধুকুছিত থকা জলসিঞ্চন পাম্পটোৰ পৰা মধুকুছি অঞ্চলৰ কেইবাখনো পথাৰত পানী যোগান ধৰা হয় যদিও বৰ্তমান এখন পথাৰৰ বাহিৰে বাকী পথাৰত পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই এই পাম্পটোৱে ।

নিউজ এএছএনৰ নিজাববীয়া অনুসন্ধানত উন্মোচিত হৈছে যে পথাৰলৈ পানী যোৱা নলাসমূহ ৰাস্তালৈ পৰ্যৱসিত হৈছে ৷ আনহাতে, কিছু নলা ভাঙি গৈছে আৰু কিছু নলা জংঘলে আৱৰি ধৰিছে ।

আমি এই প্ৰসংগত কৃষকৰ পৰা জানিব বিচৰাত কয় যে কেইবাবছৰ ধৰি তেওঁলোকে পথাৰত পানী নোপোৱাৰ ফলত সঠিক সময়ত কঠীয়া পাৰিব পৰা নাই ।

জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিতে অচল জলসিঞ্চন প্ৰকল্প

একমাত্ৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকে কৃষিকৰ্ম কৰিবলগা হোৱাত পৰ্যাপ্ত পৰিমাণৰ খেতি কৰিবলৈ সক্ষম হোৱা নাই । বৰষুণ নিদিলে পথাৰ শুকাই যায়, তাৰফলত তেওঁলোকৰ কৃষি উৎপাদন হ্ৰাস হৈ যায় বুলিও তেওঁলোকে ব্যক্ত কৰে ৷

আনহাতে, ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰি কৃষক ৰাইজলৈ বিপদ কঢ়িয়াই আনিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ।

পানী যোগান প্ৰকল্পটো থকা-নথকা একেই কথা বুলি ৰাইজে মন্তব্য কৰি কয় যে ইয়াৰ পৰা যিহেতু পানী যোগান ধৰিব পৰা নাই, গতিকে এইটো থকাতকৈ নথকাই ভাল ।

rangia

এই সম্পৰ্কে কেইবাৰো বিভাগীয় কতৃপক্ষক অভিযোগ দিয়াৰ পিছত তেওঁলোকে আহি চাই যায় যদিও কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে বুলি তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে ৷

উল্লেখ্য যে নিজ সমষ্টিৰ পৰা জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰাৰ সুবাদতে এতিয়া ৰঙিয়াবাসী ৰাইজে মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

rangia

খোদ জলসিঞ্চন মন্ত্ৰীৰ নিজৰ সমষ্টিতে ৰাইজে জলসিঞ্চন প্ৰকল্পৰ পানী বিচাৰি হাবাথুৰি খাবলগীয়া হোৱাটো এক হাস্যকৰ কথা বুলিও ৰাইজে মন্তব্য কৰে ৷

লগতে খোদ জলসিঞ্চন মন্ত্ৰীগৰাকীৰ সমষ্টিতে জলসিঞ্চন ব্যৱস্থাৰ এনে পয়ালগা ৰূপটোৱে সমগ্ৰ অসমতে জলসিঞ্চন ব্যৱস্থা বৰ্তমান কেনেদৰে চলিছে সি সহজে অনুমেয় বুলিও সচেতন ৰাইজৰ মাজত বুবু-বাবা চলিছে ৷ 

rangia

লগতে মন্ত্ৰীগৰাকীয়ে সভাই সমিতিয়ে দুৰ্নীতিৰ ক্ষেত্ৰত কাকো আপোচ কৰা নহ'ব বুলি ঘোষণা কৰা কথাটো আঙুলিয়াই দি জলসিঞ্চন আঁচনিসমূহৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ মন্ত্ৰী ভৱেশ কলিতাৰ সাহস হ'বনে বুলিও সচেতন ৰাইজে প্ৰশ্ন তুলিছে ৷ 

দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা চৰকাৰখনে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া সময়তহে পৰিলক্ষিত হ'ব ।

Your Comments