কলিয়াবৰত বানসাহায্য বিতৰণত খেলিমেলিৰ অভিযোগ স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰত বানসাহায্য বিতৰণত খেলিমেলিৰ অভিযোগ স্বীকাৰ মন্ত্ৰী কেশৱ মহন্তৰ

আজি জলসম্পদ মন্ত্ৰী কেশৱ উলুৱনি আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে যোৱা ৮ আগষ্টত কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু ভৱনত জলসম্পদ মন্ৰী কেশৱ মন্তই বিতৰণ কৰা বান সাহায্যত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছিল ৷

এই খেলিমেলি সন্দৰ্ভতে মন্ত্ৰীগৰাকীয়ে সংবাদমেলখন অনুষ্ঠিত কৰে ৷ সংবাদমেলত বান সাহায্য বিতৰণত ব্যাপক খেলিমেলি হোৱা বিষয়টো স্বীকাৰ কৰি মহন্তই দুখ প্ৰকাশ কৰে ৷

এই বিষয়ে তেওঁ মুখ্য মন্ত্ৰীক অৱগত কৰোৱাৰ কথা উল্লেখ কৰে ৷ আনহাতে, মুখ্য মন্ত্ৰীৰ নিৰ্দেশমৰ্মে নগাঁও জিলাৰ উপায়ুক্ত আৰু ৰাজহ বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে ঘটনাৰ বিষয়ে বুজ লোৱা বুলিও সংবাদমেলত উল্লেখ কৰে ৷

লগতে প্ৰকৃত ক্ষতিগ্ৰস্তই যাতে সাহায্যৰ পৰা বঞ্চিত নহয় তাৰবাবে একোজনকৈ বিষয়াক এখন বা একাধিক গাঁৱৰ দায়িত্ব দি ক্ষতিগ্ৰস্ত ৰাইজৰ লগত বিষয়টো পৰ্যালোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰে ৷

ইয়াৰ উপৰি প্ৰকৃত সত্য উদ্‌ঘাটন কৰিবৰ বাবে দণ্ডাধীশ পৰ্যায়ত তদন্তৰ দায়িত্ব দিয়া বুলিও সংবাদমেলযোগে মহন্তই জানিবলৈ দিয়ে । লগতে মন্ত্ৰীগৰাকীয়ে বঞ্চিত ৰাইজে তাৎক্ষণিকভাৱে বিষয়টো অৱগত কৰোৱাৰ বাবে ধন্যবাদ দিয়ে আৰু এখন শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ বাবে ৰাইজৰ সহোগিতা কামনা কৰে ৷
 

Your Comments