মুম্বাইত প্ৰৱল বৃষ্টিপাতত পানী সোমাল শিৱসেনা প্ৰমুখ উদ্ধৱ থাকৰেৰ ঘৰতো:এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু

mumbai

চাৰিদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতত ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাই জলমগ্ন হৈ পৰিছে।মুম্বাইৰ বাট-পথসমূহত বিপুল পৰিমানে বর্ষাজল জমা হৈ পৰাত যান-বাহনৰ যাতায়ত বাধাগ্ৰস্ত হৈছে,প্ৰায়েই যানজঁটৰ সৃষ্টি হৈছে।


আনহাতে, ৰেল লাইনসমূহ পানী ডুব যোৱাৰ বাবে কিছুসংখ্যক ৰেলৰ সেৱা বাতিল কৰা হৈছে।বিমানবন্দৰৰ ৰাণৱেত পানী জমা হোৱাৰ বাবে কিছুসংখ্যক বিমানৰ সেৱা বাতিল কৰা হৈছে।


ইফালে,প্ৰৱল বৃষ্টিপাতৰ পিছত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ বাসভৱনতো পানী সোমাই গৈছে।এনচিপিৰ প্ৰৱক্তা নৱাব মালিকৰ ঘৰো প্লাৱিত হৈছে।উল্লেখ্য যে প্ৰচুৰ বৃষ্টিপাতত দেৱাল খহাৰ  বাবে এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু হৈছে।বৰ্ষাজল নিৰ্গমন যথোপযুক্তভাৱে নোহোৱাটো মুম্বাই পৌৰ নিগমৰ ব্যৰ্থতাৰ প্ৰমাণ বুলি বিজেপি নেতৃত্বাধীন নিগমক বিৰোধী দলসমূহ,সচেতন নাগৰিকসকলে তীব্ৰ সমালোচনা  কৰিছে।

Your Comments