মধ্য প্ৰদেশৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ই ইন্দোৰ নগৰ নিগমৰ বিষয়াক বেটেৰে কোবোৱা কাণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
বিজেপি সংসদীয় দলৰ বৈঠকত আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিজয়বৰ্গীয়ৰ নাম নোলোৱাকৈ কয় যে পুত্ৰ সাংসদ অথবা মন্ত্ৰীৰে হওক,এনে ঘটনা কেতিয়াও সহ্য কৰা নহ'ব।বিজেপিৰ ভিতৰত,দুর্ব্যৱহাৰ,অহংকাৰৰ কোনো স্থান নাই।এনে ঘটনা তুৰন্তে বন্ধ হ'ব লাগে।
উল্লেখ্য যে ২৬ জুনত বিষয়াক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছত ৩০ জুনত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহে আকাশ।
- Log in to post comments
- 16 views