আজি বছৰটোৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ ভাৰতত প্ৰত্যক্ষ হ'ব নে?

#esplise

আজি দিনতে আন্ধাৰ হ'ব।পৃথিৱীৰ কেইখনমান দেশত মঙলবাৰে দিনতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব।আজি পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ।অৱশ্যে,ভাৰতৰ পৰা এই পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা নাযাব।কাৰণ,গ্ৰহণ হৈ থকা সময়খিনিত ভাৰতত ৰাতি হৈ থাকিব।পূৰ্ণগ্ৰাস সূৰ্য গ্ৰহণ প্রত্যক্ষ হ'ব লগা কেইখনমান দেশ হৈছে দক্ষিণ আমেৰিকা মহাদেশৰ ব্রাজিল,আৰ্জেন্টিনা,চিলি,ইকুৱেডৰ,ভেনিজুৱেলা।


 ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা ১০-২৫ বজাৰ পৰা গ্ৰহণ আৰম্ভ হ'ব আৰু মঙল-বুধবাৰে নিশা ৩-২১ বজাত গ্ৰহণ সম্পূৰ্ণ হ'ব।গ্রহণৰ মধ্য হ'ব ১২-৫৩ মিনিট।উল্লেখ্য যে এই গ্ৰহণ টো বছৰৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ।

Your Comments