কেৰিয়াৰ নিৰ্বাচন: দেখাক দেখি নহয়, নিজৰ আগ্ৰহহে আচল কথা

কেৰিয়াৰ নিৰ্বাচন  দেখাক দেখি নহয়, নিজৰ আগ্ৰহহে আচল কথা

তুমি কি কামৰ বাবে উপযুক্ত সেইটো নিজে বিছাৰ কৰি লোৱা। নিজৰ উপযুক্ত বিচাৰি উলিয়াব নজনাৰ বাবেই অধিকাংশ মানুহেই জীৱটা সুখ-আনন্দ বিচৰি হাবাথুৰি খাব লগা হয়। আমেৰিকাৰ বিখ্যাত লিখক নমে ভীছেণ্ট পীলে কোৱা এইষাৰ মই বহুতো ছাত্ৰ-ছাত্ৰীক প্ৰায়ে কওঁ। তেওঁলোকক আঁচলেত কথাষাৰ এইবাবেই ক’ব লগা হয়, কিয়নো আমাৰ ওচৰলৈ অহা বহুতো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক তেওঁলোক ল’ৰা-ছোৱালীয়ে মেট্ৰিক, হায়াৰ চেকেণ্ডৰী নতুবা স্নাতক ডিগ্ৰী একোটা লোৱাৰ পিছত কি বিষয়ত পঢ়িলে ভবিষ্যতে এক সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰিব। সেই বিষয়ে কথাবোৰ সুধিবৈল আমাৰ ওচৰলৈ মাজে-সময়ে আহে বা আহি থাকে। একোটা ফলাফল ঘোষণাৰ পিছত ছাত্ৰ-ছাত্ৰী অহাটো বেছি হয়। ইয়াৰ বহুতে অৱেশ্য উদ্যোগ বা ব্যৱসায় একোটা কৰাৰ বিষয়েও সুধিবলৈ আহে।

যি কি নহওঁক, সকলো মানুহৰে বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ নিজা-নিজা কিছুমান সপোন থাকে। আচলতে সকলোৱে জীৱনত সফল হ ’ব খাোজে, কিবা এটা অসাধাৰণ চাকৰি কৰি নাইবা নামজ্বলা ডাক্তৰ, , ইঞ্জিনিয়াৰ আদি নতুবা আই এ এছ, আই পি এছ আদি এনেধৰণৰ ডাঙৰ একোটা চাকৰি কৰি সমাজৰ আগত প্ৰতিষ্ঠা হোৱাটো বিছাৰে। দুই একে আকেৌ সৰুৰে পৰা খেলা-ধূলা, মিউজিক বা তেনে ধৰণৰ কিবা এটা কৰি সমাজত এক আছুতীয়া স্থান দখল কৰাৰ কথাটো ভাবি থাকে। এই ধৰণৰ ভাবি থকা কথা বা সপোনবোৰ বহুতৰেই বাস্তৱত পৰিণত হয় যদিও আন বহুতৰেই কিন্তু নহয়। তেতিয়া তেওঁ (ছাত্ৰ বা ছাত্ৰীজনে) আৰু তেওঁলোকৰ অভিভাৱকেও মনতে কিছু দুখ পায়। অৱশ্যে ইয়াতে এনে ধৰণৰ বহুতো ছাত্ৰ-ছাত্ৰীও আছে, যি বিলাকে বা তেওঁলোকৰ অভিভাৱকেও যি হ’বলগীয়া আছে সেইেটোৱেই হ’ব বুলি ভাবি বৰ চিন্তা কৰি নাথাকে।

আচলতে সঠিক কেৰিয়াৰ একোটা বাছি লোৱাৰ ওপৰতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। সেয়েহে সঠিক কেৰিয়াৰ একোটা নিৰ্বাচনৰ বাবে প্ৰথমৰ পৰাই একোটা পৰিকল্পনা কৰি (আচলতে পৰিকল্পনাটো মেট্ৰিক পৰীক্ষা দিয়াৰ বহু আগৰে পৰাই কৰিব লাগে যদিও সেই সময়ত একোজন ছাত্ৰ-ছাত্ৰী কথাবোৰ আধা বুজে, অথবা নুবুজে বাবে বহুতো সময়ত অভিভাৱকেই তেওঁৰ হে কথাবোৰ চিন্তা কৰে বা নিজৰ পৰিয়ালৰ কোনো অভিজ্ঞ ব্যক্তিয়ে নতুবা স্কুলৰ শিক্ষকেও একোটা পথ দেখুৱাই দিয়ে) সেইমতে আন এটা কথা হৈছে-একোজন ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত যদি একোটা ভাল ফলাফল প্ৰদশন কৰে, তেন্তে তেওঁক বেছিভাগ অভিভাবকে ডাক্তৰ-ইঞ্জিনিয়াৰ বা তেনে জাতীয় হোৱাটোকে মনে-প্ৰাণে কামনা কৰি তেওঁক সাধাৰণতে বিজ্ঞান বিভাগতে নামভতি কৰাৰ পৰামৰ্শ দিয়ে। বহুতো অভিভাবকে আকৌ কটন কলেজৰ দৰে একোখন নামজ্বলা কলেজত (সেইখন দিল্লী, বাঙ্গালোৰ আদিতো হ’ব পাৰে) যিটো বিষয়তে ছীট এটা পায় সেইটো বিষয়ত পঢ়িম বুলি ভাবকেই বা নাভাবক। আমি প্ৰতি বছৰতে তেনে ধৰণৰ বহুতো ছাত্ৰ বা ছাত্ৰীকে লগ পাইছো। যিসকলে ছাত্ৰ-ছাত্ৰী অভিভাবক। আমি প্ৰতি বছৰতে তেনে ধৰণৰ বহুতো ছাত্ৰ-ছাত্ৰীকে লগ পাইছো। যিসকলে ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ ভুল নিৰ্দেশনাৰ বলি হৈ শোষত দিশহাৰাৰ দৰে হৈছে বা তোওঁৰ মনৰ বিপৰীতে পঢ়িব লগা পিছত বাৰে-বাৰে একোটা বছৰতে পঢ়িব লগা হৈছে বা শেষত সেই বিষয়টো এৰি নিজে ভালপোৱা বিষয়টোত নামভৰ্তি কৰিছে। ইয়াৰ ফলত তেওঁৰ মূল্যক এটা বা দুটা বছৰ এনেয়ে নষ্ট কৰিবলগীয়া হৈছে। অৱশ্যে শেষত গৈ তেওঁ নিজৰ পছন্দৰ এক কেৰিয়াৰ গঢ়িবলৈ সক্ষম হৈছে। সফল জীৱনৰ পথৰ সন্ধান দিয়া আমেৰিকাৰ বিশ্ববিখ্যাত ব্যক্তি ডেল কাৰ্ণেগীয়ে কৈছিল যে-“জীৱনৰ সফলতা লাভ কৰিবলৈ হ’লে কেইটামান বিশেষ অনুশীলন, কিছু পৰিশ্ৰম কৰিব পৰা ক্ষমতা, কিছু বুদ্ধিমত্তা আৰু সাহসৰ প্ৰয়োজন হয়।” এইক্ষেত্ৰত স্বামী বিবেকানন্দই কোৱা সেই বিখ্যাত কথাষাৰ হৈছে-“প্ৰতিজন মানুহৰ মাজত ইমান কিছু প্ৰছণ্ড শক্তি আছে যে তাক মানুহেৰ নিজেই উমান নাপায়। কিন্তু যেতিয়া সেই শক্তি চিনি পায়, সিংহ বলত বলীয়ান হৈ তেওঁ অসাধ্য কৰিব পাৰে।” তেওঁ আৰু কৈছিল-“সকলো প্ৰকাৰৰ সাফল্যৰ ঘাই কাৰণ নিহিত হৈ আছে লক্ষ্য আৰু উপায় দুয়োটাতে সমানে গুৰুত্ব দান কৰাত।” সেয়েহে আনক দেখি বা দেখাক দেখি নহয়, নিজৰ প্ৰকৃত আগ্ৰহৰ ওপৰতহে ভৱিষ্যতৰ লক্ষ্য স্থিৰ কৰা উচিত।

আলোচনাটিৰ শেষ কৰাৰ আগতে ইয়াকে ক’ব পাৰি যে একোজন ছাত্ৰ-ছাত্ৰীয়ে কি বিষয়ত পঢ়িব বা কেনে ধৰণৰ একোটা কেৰিয়াৰ গঢ়ি তুলিব, সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে ছাত্ৰ বা ছাত্ৰীজনৰ নিজৰ ওপৰতহে। ইয়াত অভিভাৱক তথা সুধিজনে বা অভিজ্ঞ ব্যক্তিয়ে একোটা সজ পৰামৰ্শ হে দিব পাৰে, তেওঁৰ বুদ্ধিমত্তা,অধ্যয়নৰ ধৰণ, ফলাফল আদিৰ ওপৰত নিৰ্ভৰ কৰি আৰু লগতে কোনবোৰ বিষয়ৰ উন্নতিৰ অৱকাশ বেছি সেইধৰণৰ কথাবোৰহে দেখুৱাই দিব পাৰে বা দেখুৱাই দিয়া উচিত, তাতোকৈ বেছি আন একো জোৰ কৰিব নালাগে।কাৰণ যিকোনো ধৰণৰ সমস্যা, বাধা-বিঘিনি অতিক্ৰম কৰি মূল লক্ষ্যত উপনীত হ’ব পাৰিবনে নাই সেইটো সমপূৰ্ণ নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। এটা কথা সদায় মনত ৰাখিবা তুমি বিজ্ঞান বিভাগতে পঢ়া বা কলা, বাণিজ্য আদি যি বিভাগতে নপঢ়া কিয় ভবিষ্যতে তুমি ইচ্ছা কৰিলে যেনেজমেণ্ট, জাৰ্ণেলিজিম, ফেশ্বন টেকনলজী, এডভাৰটাইজিং, মেডিয়া চায়েন্স, ফিল্ম এডিটিং, ফটোগ্ৰাফী, কম্পিউটাৰ এপিলকেচনচ, ৰিটেইল মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট আদি ধৰণৰ বিষয়ত পঢ়িব পাৰি। শেষত ছাৰ উইলিয়াম ওছলাৰে কোৱা-“যিকোনো বৃত্তিত সফল হোৱা প্ৰথমটো খোজ হ’ল সেই বৃত্তিটোক গভীৰভাৱে ভাল পাবলৈ শিকা।” এই কথাষাৰ যেন আমি সকলোৱে মনত ৰাখো।

Your Comments