তামুলপুৰত দেংখৌ ফৈচাদী প্ৰেক্ষাগৃহত মহাৰাজ পৃথু সোৱৰণি মঞ্চত আজি বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হয় । এই উপলক্ষে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত এক খিলঞ্জীয়া সজাগতা সভা অনুষ্ঠিত হয় ।
অসম সন্মিলিত মহাসংঘৰ উদ্যাগত, সদৌ বৰ্মন কছাৰী ছাত্র সন্থা, গৰীয়া-মৰিয়া দেশী জনগোষ্ঠী পৰিষদ আৰু আয়োজক সমিতিৰ সহযোগত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে আগবঢ়োৱা ভাষণত এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে অসমৰ খিলঞ্জীয়াসকলক চৰকাৰে প্ৰৱঞ্চনা কৰি অহা বুলি মন্তব্য কৰে ।
তেওঁ সকলো খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ হৈ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় । ভাষণ প্ৰসংগত তেওঁ কয় যে খিলঞ্জীয়া হ'ল সেইসকল স্থায়ী বাসিন্দা, যিসকলে ইয়াতে জন্মলাভ কৰি ঔপনিৱেশিক আগ্ৰাসনৰ বিপক্ষে যুঁজ কৰি নিজ মাতৃভূমিৰ উন্নতি বা বিকাশৰ বাবে সদায় চেষ্টা কৰি আহিছে ।
ভাষণ প্ৰসংগত তেওঁ সকলো খিলঞ্জীয়া লোককে নিজ নিজ জনগোষ্ঠীৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ উপৰি খিলঞ্জীয়াসকলৰ উন্নতিৰ বাবে উমৈহতীয়াভাৱে চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায় । ৰাষ্ট্ৰ সংঘৰ নীতিৰ আধাৰতহে অসমৰ খিলঞ্জীয়া নিৰূপিত হব লাগিব বুলিও বসুমতাৰীয়ে মন্তব্য কৰে ।
সভাখনৰ আঁতধৰে আয়োজক সমিতৰ সভাপতি যোগেন বসুমতাৰীয়ে । আদৰণী ভাষণ দিয়ে গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ ( অসম)ৰ সাধাৰণ সম্পাদক ফজলুল কৰিম হাজৰিকাই আৰু উদ্দেশ্যে বাখ্যা কৰে মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই ।
সভাত বড়ো সাহিত্য সভাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি হৰেণ বড়ো, কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহজাহান চিদ্দিকী, সদৌ বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক সঞ্জীৱ বৰ্মন, প্ৰাক্তন এবছু নেতা চিনাকান্ত বসুমতাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি ৰণ্ডিচৰণ বড়ো, তিৱা জাতীয় ঐক্যমঞ্চৰ সভাপতি অনিল ফামজং, বাৰাজা বাথৌ আশ্ৰমৰ সঞ্চালক কান্তেশ্বৰ বৰগয়াৰী, শিক্ষক বদন স্বৰ্গীয়াৰী আদিয়ে খিলঞ্জীয়াৰ অধিকাৰ আৰু অৱস্থা সম্পৰ্কে আলোকপাত কৰে ।
পুৱাৰ ভাগত অসমৰ প্ৰাচীন ৰজা-মহাৰজা, বীৰ-বীৰাংগনা আৰু জাতীয় পুৰোধাসকলৰ স্মৃতিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি প্ৰতীকী টোপধ্বনিৰে শুভৰাম্ভ কৰে গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীয় পৰিষদৰ সভাপতি তথা বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাই । মহাসংঘই তামুলপুৰত পালন কৰা বিশ্ব খিলঞ্জীয়া দিৱসৰ পৰা ৰাষ্ট্ৰ সংঘৰ সচিবপ্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰখন কাইলৈ ৰাজহুৱা কৰিব ।
- Log in to post comments
- 105 views