ৰাহুলৰ ঘোষণাঃ কংগ্ৰেছৰ ৫০ শতাংশ পদত নিযুক্তি দিব মহিলাক

ৰাহুলৰ ঘোষণাঃ কংগ্ৰেছৰ ৫০ শতাংশ পদত নিযুক্তি দিব মহিলাক

কংগ্ৰেছ দলৰ কমেও ৫০ শতাংশ পদবীত নিযুক্তি দিয়া হ'ব মহিলাক ৷ এই ইচ্ছা ব্যক্ত কৰিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৷ ৰাহুলৰ এই শেহতীয়া ঘোষণাই সক্ৰিয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী ভাৰতীয় মহিলাসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ কেৱল এয়ে নহয়, ক্ষমতালৈ আহিলে কংগ্ৰেছে সংসদত মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাব বুলিও কংগ্ৰেছ সভাপতিজনে ঘোষণা কৰিছে ৷

মঙলবাৰে দিল্লীত অনুষ্ঠিত মহিলা অধিকাৰ সন্মিলনত অংশ লৈছিল কংগ্ৰেছ সভাপতিজনে ৷ ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয়, "নিকট ভৱিষ্যতত কংগ্ৰেছ দলৰ ৫০ শতাংশ পদবীতে অধিষ্ঠিত কৰা হ'ব মহিলাক ৷ এয়া ৰাতিটোৰ ভিতৰতে কৰিব পৰা কাম নহয় ৷

কিন্তু এই লক্ষ্য লৈ এতিয়াৰে পৰা আমি আগবাঢ়িম ৷" ৰাহুলৰ প্ৰশ্ন- "যদি দেশৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ মহিলা হ'ব পাৰে, দেশ চলোৱাত যদি ৫০ শতাংশ অৱদান মহিলাই আগবঢ়াব পাৰে, তেন্তে ৰাজনৈতিক দল এটাৰ ৫০ শতাংশ দায়িত্ব মহিলাই ল'ব নোৱাৰাৰ যুক্তি ক'ত ?"
সন্মিলনত উপস্থিত আছিল বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী, দিল্লীৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শীলা দীক্ষিত ৷

ৰাহুলৰ ঘোষণাঃ কংগ্ৰেছৰ ৫০ শতাংশ পদত নিযুক্তি দিব মহিলাক

শীলা দীক্ষিতলৈ আঙুলিয়াই কংগ্ৰেছ সভাপতিজনে কয় যে মহিলাৰ ভূমিকা কেৱল পঞ্চায়ত সভানেত্ৰী, বিধায়ক অথবা সাংসদতে সীমাবদ্ধ কৰিব নোখোজে কংগ্ৰেছে ৷ ৰাহুল গান্ধীৰ আশা- অধিকসংখ্যক মহিলাই মুখ্য মন্ত্ৰী তথা আন শীৰ্ষ পৰ্যায়ৰ দায়িত্ব লওক ভাৰতীয় ৰাজনীতিত ৷
স্মৰ্তব্য যে যোৱামাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছিল ৰাহুল গান্ধীয়ে ৷

পত্ৰখনৰ জৰিয়তে কংগ্ৰেছ সভাপতিজনে সংসদত মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনাবলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনাইছিল ৷ এই ক্ষেত্ৰত কংগ্ৰেছে চৰ্তবিহীন সমৰ্থন জনাব বুলিও প্ৰধান মন্ত্ৰীক তেওঁ জনাইছিল ৷

সন্মিলনত পত্ৰখনৰ প্ৰসংগ দোহাৰি ৰাহুল গান্ধীয়ে কয়, "এন ডি এই যদি বিধেয়কখনত অনুমোদন নজনায়, তেন্তে পৰৱৰ্তী চৰকাৰ আমি গঠন কৰিম ৷ শাসনলৈ আহিয়েই আমি বিধেয়কখনত অনুমোদন জনাম ৷" দেশত মহিলাৰ ওপৰত অত্যাচাৰমূলক ঘটনা বাঢ়ি অহাৰ প্ৰসংগ উনুকিয়াই ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰীক কটু সমালোচনা কৰে ৷

"প্ৰধান মন্ত্ৰীয়ে বিভিন্ন বিষয়ত অতি বলিষ্ঠ ভাষাৰে বক্তব্য আগবঢ়ায় ৷ কিন্তু বলাৎকাৰৰ দৰে ঘটনাৰ প্ৰসংগত এটা শব্দও উচ্চাৰণ নকৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷"

Your Comments