ডি এম কেৰ পিতামহ কৰুণানিধিৰ দেহাৱসান

ডি এম কেৰ পিতামহ কৰুণানিধিৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ বৰ্ষীয়ান ৰাজনৈতিক নেতা তথা ডি এম কে দলৰ পিতামহ এম কৰুণানিধিৰ আজি সন্ধিয়া ৬.১০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ ৷ উল্লখ্য যে তামিলনাডুৰ ৫বাৰৰ মুখ্য মন্ত্ৰীগৰাকী যোৱা ১৮ জুলাইৰ পৰা চেন্নাইৰ কাবেৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ তামিলনাডুৰ লৌহপুৰুষ হিচাপে খ্যাত আৰু কালাইগনাৰ নামেৰে পৰিচিত কৰুণানিধিৰ স্বাস্থ্যৰ অৱস্থা সোমবাৰৰ পৰা যথেষ্ট অৱনতি ঘটে আৰু মঙলবাৰে বিয়লি হাস্পতালৰ পৰা প্ৰকাশিত সূত্ৰত তেওঁৰ অৱস্থা অতি সংকটজনক আৰু অস্থিৰ বুলি প্ৰকাশ কৰে ৷

ডি এম কেৰ পিতামহ কৰুণানিধিৰ দেহাৱসান

উল্লেখ্য যে ভাৰতীয় ৰাজনীতিত পাঁচটা দশক দলক নেতৃত্ব প্ৰদান কৰা কৰুণানিধি হ'ল প্ৰথমগৰাকী ৰাজনৈতিক নেতা ৷ ডি এম কে দলৰ পৰা ৫বাৰ তামিলনাডুৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰুণানিধিয়ে প্ৰথম মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ১৯৬৯ চনৰ ২৭ জুলাইত ৷ সেই সময়ত কালাইগনাৰ মুথুভেল কৰুণানিধিৰ বয়স আছিল ৪৫ বছৰ ৷

ডি এম কেৰ পিতামহ কৰুণানিধিৰ দেহাৱসান

মাত্ৰ ১৪ বছৰ বয়সতে ৰাজনীতিত প্ৰৱেশ কৰা কৰুণানিধিয়ে ৰাজনীতিৰ উপৰি কলা, সাহিত্য আৰু সংস্কৃতি জগতলৈও অৱদান আগবঢ়াই থৈ গৈছে ৷ তেওঁ কবিতা, গল্প, আত্মজীৱনী, বুৰঞ্জীমূলক উপন্যাস আদিৰে তামিল সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ৷ ছবি জগততো তেওঁৰ অৱদান আছিল উল্লেখনীয় ৷ এগৰাকী চিত্ৰ-নাট্যকাৰ হিচাপে তেওঁ আছিল অদ্বিতীয় ৷ ছবিৰ ডায়লগ লেখাৰ উপৰি গীত ৰচনাও কৰিছিল ৷ তেওঁ বহুকেইখন মঞ্চনাট ৰচনা কৰাৰ লগতে কলা আৰু স্থাপত্যৰে তামিল ভাষা-সাহিত্যলৈও অৱদান আগবঢ়াই থৈ গৈছে ৷ তেওঁ প্ৰায় ১০০খনতকৈও অধিক বিভিন্ন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে ৷

Your Comments