গোধনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰে অসমীয়াই পালন কৰিছে 'গৰু বিহু'

bihu

নিউজ ডেস্ক :

আজিৰে পৰা অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উদযাপন।সাতবিহুৰ প্ৰথম দিন আজি 'গৰু বিহু'।অসমীয়া কৃষকৰ কৃষিকৰ্মৰ প্ৰধান আহিলা গোধনৰ কুশল কামনাৰে আজি পালন কৰা হৈছে গৰু বিহু।bihu2

আজি পুৱা গোধনসমূহক নৈ,জলাশয় আদিলৈ লৈ গৈ সমূহীয়াকৈ গা ধুওৱা হৈছে।দীঘলতি, মাখিয়তী আদি ঔষধী গুণসম্পন্ন গছৰ আগ-পাতেৰে গৰুক কোবাই গোধনৰ ৰোগ নিৰ্মূলৰ বাবে কৃষিজীৱী অসমীয়াই প্রাৰ্থনা কৰিছে।গোধনক লাউ-বেঙেনা খুৱাই স্বাস্থ্যৰ শ্ৰীবৃদ্ধি হোৱাৰ আশীৰ্বাদ দিছে। গৰুক নতুন পঘা দি বিহুৱান দিছে।আনহাতে,গধূলি থুপা জ্বলাই পোক-পতংগ নিৰ্মূল কৰাৰ ব্যৱস্থা কৰিব।bihu3

গৰুবিহুৱে অসমীয়া কৃষক সমাজ আৰু গোধনৰ মাজত থকা আত্মিক সম্পৰ্কৰ প্ৰমাণ দাঙি ধৰে।কৃষিকৰ্ম চলাই ৰখাত মুখ্য ভূমিকা পালন কৰাৰ হেতু গোধনক সন্মান প্ৰদৰ্শন কৰাৰ বাবেই গৰু বিহু।

Your Comments