ৰাই বেৰেলিৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা !

ৰাই বেৰেলিৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা !

২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে নিজৰ সমষ্টি উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এক সূত্ৰই দাবী কৰে ৷ ইয়াৰ বিপৰীতে ছোনিয়া গান্ধীৰ সমষ্টি ৰাই বেৰেলিত নিজৰ মাকৰ ঠাইত প্ৰিয়ংকা গান্ধী ভদ্ৰাই কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলিও সূত্ৰটোৱে পৰামৰ্শ দিয়ে ৷

ৰাই বেৰেলিৰ প্ৰাৰ্থী হ'ব প্ৰিয়ংকা !

অৱশ্যে এতিয়ালৈকে ৰাই বেৰেলিত ছোনিয়া গান্ধী নে প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও মাকৰ ঠাইত জীয়েকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনীয়তাই অধিক ৷ ইয়াৰ উপৰি সূত্ৰটোৱে প্ৰকাশ কৰে যে বিৰোধী দলটোৱে প্ৰধান মন্ত্ৰীৰ নাম ঘোষণাৰ বিষয়টোৰ ওপৰত ২০১৯ৰ নিৰ্বাচনৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

Your Comments