১৯ আগষ্টত পৰাগ দাস সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা

১৯ আগষ্টত পৰাগ দাস সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা

দ্বিবিংশতিতম পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি অহা ১৯ আগষ্ট, দেওবাৰে পুৱা ১১ বজাৰ পৰা গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত থকা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ এইবাৰৰ প্ৰতিযোগিতাৰ বিষয়- সদনৰ মতে ‘কেৱল ৰাষ্ট্ৰী নাগৰিকপঞ্জীয়েহে অসমত অসমীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব’ (In the opinion of the House- Only NRC can protect the identity and existence of Assamese people in Assam)৷

প্ৰতিযোগীসকলে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা দুজনকৈ প্ৰতিযোগীয়ে (এজন সপক্ষে, এজন বিপক্ষে) অংশগ্ৰহণ কৰাটো বাধ্যতামূলক ৷ প্ৰতিগৰাকী প্ৰতিযোগীৰ বাবে সময় ৫ মিনিটকৈ ৷ প্ৰতিটো প্ৰতিযোগী দলে শিক্ষানুষ্ঠানৰ মুৰব্বী তথা তৰ্ক বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰবক্তা-অধ্যাপকৰ পৰা অংশগ্ৰহণৰ প্ৰমাণ-পত্ৰ আনিব লাগিব ৷

প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানত দলগতভাৱে বিজয়ীক স্মাৰকসহ পৰাগ কুমাৰ দাস সোঁৱৰণি চলন্ত ট্ৰফী আৰু ব্যক্তিগতভাৱে প্ৰথম তিনিটা স্থানৰ শ্ৰেষ্ঠ তাৰ্কিকক ক্ৰমে ৭ হাজাৰ, ৫ হাজাৰ আৰু ৩ হাজাৰ টকা প্ৰদান কৰা হ’ব ৷ তৰ্ক প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি উদয়াদিত্য ভৰালী আৰু সাধাৰণ সম্পাদক পৰম প্ৰকাশ গগৈয়ে সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আহ্বান জনোৱাৰ লগতে ইচ্ছুকসকলক ৯৪৩৫০-৪৪১৪০, ৯৪৩৫০-০০৭৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷
 

Your Comments