উদাৰবন্দত নিৰ্বাচনী বতাহ : ব্যাপক তৎপৰতা নেতা-কৰ্মীৰ

silchr_

শিলচৰৰ পৰা বিক্রম দাস 
নির্বাচন আয়োগে দিন ধাৰ্য কৰাৰ লগে লগে লোকসভাৰ ভোটৰ কাৰণে সকলো দলে নিজৰ পথাৰখনত নামি পৰিছে৷  ১১ এপ্রিল পৰা লোকসভাৰ নির্বাচন সমগ্ৰ দেশতে আৰম্ভ হ'ব। ফলাফল ঘোষণা হ'ব ২৩ মে' । নিৰ্বাচনৰ ঘণ্টা বজাৰ লগে লগে উদাৰবন্দত ৰাজনৈতিক দল বিলাকৰ কুছ-কাৱাছ আৰম্ভ হৈ গৈছে৷

১৮ এপ্রিল শিলচৰ লোকসভা আসনৰ নির্বাচন প্রক্রিয়া অনুষ্ঠিত হ'ব ।  নির্বাচনত নিজৰ ৰাজনৈতিক দলৰ কৰ্মী তথা সমৰ্থকসকলে নিজেৰ দলেৰ পক্ষে ভোট টনাৰ বাবে উদাৰবন্দৰ বিভিন্ন অঞ্চলত ঘৰে-ঘৰে যোৱা আৰম্ভ হৈছে। শিলচৰ লোকসভা আসনৰ বাবে কংগ্রেছ দল প্ৰাৰ্থী সুস্মিতা দেবক প্রার্থী প্ৰদান কৰাৰ বিপৰীতে বিজেপি দল এতিয়াও ঠিক কৰিব পৰা নাই প্রার্থী। কোন হ'ব বিজেপি প্রার্থী দলৰ কর্মী তথা সমৰ্থকসকলেও ধৰিব পৰা নাই ।

তাৰ ভিতৰতে ছ'চিয়েল মিডিয়াত কংগ্রেছ দলৰ প্রাক্তন মন্ত্রী গৌতম ৰয়েই বিজেপিতে যোগদানেৰ খবৰে উদাৰবন্দৰ ৰাজনৈতিক মহলত ব‍্যাপক চর্চা চলিছে । যদিও গৌতম ৰয় বিজেপিত যোগদানৰ খবৰে ঘনিষ্ঠ মহলে তেওঁক সমৰ্থন কৰিছে। উধাৰবন্দৰত আৰু এজনৰ নাম বেছ চৰ্চালৈ আহিছে । তেওঁ হৈছে গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়৷ তেওঁ উধাৰবন্দৰৰ বিভিন্ন অঞ্চল ঘূৰি ফুৰিছে লগতে বিভিন্ন সন্থাবোৰক সহায়-সহযোগ আগবঢ়োৱা দেখা গৈছে৷

বহুতে অন্য ধৰণে কোৱা দেখা গৈছে যে তেওঁ ২০২১ ৰ বিধানসভা নির্বাচনৰ বাবে প্ৰস্তুতিত নামিছে । যদিও সম্পূৰ্ণভাৱে বিষয়টি স্পষ্ট হোৱা নাই। শিলচৰ আসনৰ বাবে বিজেপি দল প্রার্থীৰ নাম ঘোষণা কৰা নাই যদিও দলৰ কৰ্মী সকল বহি থকা নাই।   কংগ্রেছ আৰু বিজেপি দলৰ কর্মীসকল ইতিমধ্যে পথাৰ নামি পৰিছে। বিশেষ কৰি বাগান অঞ্চলত বিজেপি কর্মীসকল বেছ তৎপৰতা বৃদ্ধি পাইছে ।

ইয়াৰ কাৰণ হ'ল বাগান অঞ্চল আগৰ পৰাই কংগ্রেছ দলৰ সমৰ্থনকাৰী। সেয়েহে ভোটৰ ভাগ কৰাৰ বাবে কৰ্মীসকল নামি পৰিছে৷ বিজেপিৰ ভিতৰ চ'ৰা মজবুত কৰাৰ বাবে বাগান অঞ্চলসমূহত বাঙালী হিন্দু অঞ্চলবোৰত বিশ্ব হিন্দু পৰিষদৰ সদস‍্যসকল কাৰ্য-কলাপ বৃদ্ধি পাইছে । কংগ্রেছ-বিজেপি কৰ্মীসকলৰ তৎপৰতা বৃদ্ধি পালেও নিৰব ভূমিকা বহন কৰিছে অগপ আৰু এআইইউডিএফ কৰ্মীসকলে।

কিছুদিন আগতে অগপ দলৰ কর্মীসকলৰ মাজত তৎপৰতা বৃদ্ধি পালেও এতিয়া কিন্তু নিৰবতাত থকা দেখা গৈছে অগপৰ কৰ্মীসকলক।

Your Comments