নগাঁৱৰ জয়শ্ৰী চিনেমা হল ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

নগাঁৱৰ জয়শ্ৰী চিনেমা হল ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

অসমীয়া সংস্কৃতিৰ অন্যতম হোতা তথা অসমীয়া চলচ্চিত্ৰৰ পথ প্ৰদৰ্শক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি বিজড়িত নগাঁও চহৰৰ জয়শ্ৰী চিনেমা হলত ব্যৱসায়ী বণিক গোষ্ঠীৰ হাতুৰিৰ কোব পৰাত আজিও নগাঁৱত প্ৰতিক্ৰিয়া অব্যাহত আছে। ঐতিহ্যমণ্ডিত আৰু ইতিহাস বিজড়িত এই চিনেমা হলটো সংৰক্ষণ কৰি ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ নগাঁৱৰ সচেতন মহলে চৰকাৰক দাবী জনাইছে। আজি জয়শ্ৰী চিনেমা হলৰ সন্মুখত নগাঁৱৰ কেইবাজনো যুৱ সাংস্কৃতিক কৰ্মীয়ে এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সাংস্কৃতিক অনুষ্ঠান "ৰূপান্তৰ"ৰ উদ্যোগত জয়শ্ৰী চিনেমা হল সংৰক্ষণ কৰক, নগাঁৱৰ ৰাইজ আগবাঢ়ি আহক, সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলক আদি দাবীসম্বলিত ফলক হাতে হাতে লৈ জয়শ্ৰী চিনেমা গৃহ সংৰক্ষণৰ বাবে চৰকাৰক দাবী জনায়।

নগাঁৱৰ জয়শ্ৰী চিনেমা হল ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

এই কাৰ্যসূচীত ৰূপান্তৰৰ গৌৰাংগ বৰা, বিদ্যুত বৰা, পল্লবী দাসকে ধৰি কেইবাগৰাকী যুৱ সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। তদুপৰি, শিশু সাহিত্যিক নূপুৰ মোমাইদেও, চিত্ৰশিল্পী সুজিত দাস, শিশু সাহিত্যক দুলাল বৰাৰ লগতে দেৱজিত লিগিৰা, পল্লবী শইকীয়া, নয়নমণি মিশ্ৰ, পাপু মজুমদাৰকে ধৰি বহু কেইগৰাকী লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে নগাঁও কলেজ চ'ক, নগাঁৱৰ জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তিৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে জয়শ্ৰী চিনেমা হল সংৰক্ষণ কৰি ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনাইছে।

Your Comments