বইটামাৰীৰ ঢাকনাবাৰীত ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

বইটামাৰীৰ ঢাকনাবাৰীত ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত, অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ সৌজন্যত আজি বঙাইগাঁও জিলাৰ দক্ষিণ বইটামাৰীৰ ঢাকনাবাৰীত অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ দৈনিক ২০০ টন উৎপাদনক্ষম ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন হৈ যায়। আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি বিয়লি এক বজাত মুখ্য মন্ত্ৰীগৰাকী হেলিকপ্টাৰযোগে আহি উপস্থিত হয় ঢাকনাবাৰীত।

বইটামাৰীৰ ঢাকনাবাৰীত ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

আধাৰশিলা স্থাপন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ঔদ্যোগীকৰণৰ ক্ষেত্ৰত ৰাজ্যখন বহু আগুৱাই গৈছে। ২০১৮ বৰ্ষৰ গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্ব বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ভাষণত ৰাজ্যত প্ৰায় পঞ্চাছ হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱা বুলি জানিবলৈ দিয়ে। লগতে ব্যক্তিগত খণ্ডতে প্ৰায় ৪৫,০০০ যুৱকক কৰ্মসংস্থাপন দিয়াৰ কথা তেওঁ উল্লেখ কৰে। অনাগত  দিনতো বিভিন্ন উদ্যোগত বহু যুৱকে কৰ্মসংস্থাপন পোৱাৰ প্ৰতিশ্ৰুতি দি মুখ্য মন্ত্ৰীয়ে ইয়াৰ বাবে সকলোকে উপযুক্ত শিক্ষা লাভত গুৰুত্ব দিবলৈ আহবান জনায়।

বইটামাৰীৰ ঢাকনাবাৰীত ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

ইফালে প্ৰধান মন্ত্ৰী মোডীৰ নেতৃত্বত দেশে সকলো ক্ষেত্ৰতে উন্নতি কৰা বুলি তেখেতে বক্তব্য প্ৰদান কৰে। আনহাতে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অসমৰ দৰে এখন সম্পদেৰে পৰিপূৰ্ণ ৰাজ্য আগুৱাই নিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ তোলে। আজিৰ অনুষ্ঠানৰ প্ৰথমে বক্তব্য ৰাখি অসম পেট্ৰকেমিকেলছৰ অধ্যক্ষ জগদীশ ভূঞাই কয় যে লিমিটেডে ১৯৭৬ চনৰ পৰা মিথানল আৰু ফৰ্মেলিন উৎপাদন কৰি আহিছে। ১৯৭৯ চনৰ পৰা মিথানলৰ উৎপাদন ক্ষমতা দৈনিক ২১ টনৰ পৰা দৈনিক ১০০ টনলৈ বৃদ্ধি কৰে। তাৰপিছত অসমৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৭ চনৰ তিনি অক্টোবৰত নামৰূপত দৈনিক ৫০০ টন উৎপাদনক্ষম মিথানল প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰা বুলি ভূঞাই ভাষণত উল্লেখ কৰে।

ফৰ্মেলিনৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে বইটামাৰীত এই দৈনিক ২০০ টন উৎপাদনক্ষম প্ৰকল্পৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা বুলি তেওঁ জনায়। ঢাকনাবাৰীৰ এই ঠাইতে মিথানলৰ মাৰ্কেটিং টাৰমিনেল স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকি কয় যে বইটামাৰীৰ এই স্থানত সূতাকল আছিল যদিও ১৯৯৪ চনত কংগ্ৰেছ চৰকাৰৰ দিনত এই সূতাকল বন্ধ হয়। অসমৰ মুখ্য মন্ত্ৰীৰ দায়িত্ব লৈয়ে সৰ্বানন্দ সোণোৱালে নামনি অসমৰ ঔদ্যোগিক বিকাশৰ কথা চিন্তা কৰে আৰু তাৰেই ফলশ্ৰুতিত এই প্ৰকল্প হোৱা বুলি তেওঁ জনায়।

বইটামাৰীৰ ঢাকনাবাৰীত ফৰ্মেলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

বইটামাৰীত এই উদ্যোগ স্থাপনৰ ফলত বহু লোকে কৰ্মসংস্থাপন পোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনীতি টনকিয়াল হ'ব বুলি মন্ত্ৰীজনে উল্লেখ কৰে। পূৰ্বৰ সূতাকলৰ কৰ্মচাৰীৰ বকেয়াও শীঘ্ৰে মুকলি কৰি দিব বুলি জনায়। আজিৰ অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক অনন্ত মালোয়েও এই প্ৰকল্পৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জনায়। অনুষ্ঠানত অসম পেট্ৰ'কেমিকেলছৰ উপাধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু বৰ্মন, বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Your Comments