কাৰ্বি আংলং প্ৰশাসনৰ অভিযানত জাঞ্জুত ৪০ টা বাসগৃহ উচ্ছেদ

karbi_alnog

কাৰ্বি আংলং জিলাৰ ভূমিত অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰি বসতি স্থাপন কৰা প্ৰায় ৪০ ঘৰ লোকৰ বাসগৃহত উচ্ছেদ অভিযান চলায় কাৰ্বিআংলং জিলা প্ৰশাসনে। শনিবাৰে দুপৰীয়া হোজাই জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী নখুটিৰ জাঞ্জুত দীৰ্ঘদিন ধৰি ভূমি বেদখলৰে অবৈধভাৱে বসতি স্থাপন কৰি অহা লোকসকলৰ বাসগৃহত উচ্ছেদ অভিযান চলালে প্ৰশাসনে |এফালৰ পৰা জেচিবি,হাতুৰীৰ কোব পৰিল বাসগৃহত |

একাংশ বাসগৃহত উচ্ছেদৰ নামত  বলপূৰ্বকভাৱে  অগ্নিসংযোগ কৰাও দেখা গ'ল ।এই উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনৰে  স্থানীয় লোকৰ  তর্ক-বিতৰ্ক হোৱাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত হৈ পৰা জাঞ্জু অঞ্চলৰ স্থানীয় লোকসকলৰ গুৰুতৰ অভিযোগ যে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱা হৈছে ।

Your Comments