পাকিস্তান পিপ’লছ পাৰ্টী (পি পি পি)ৰ ৩গৰাকী হিন্দু প্ৰাৰ্থী মুছলিম অধ্যুষিত অঞ্চলৰ সিন্ধু প্ৰদেশৰ পৰা জয়লাভ কৰা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছে৷
উল্লেখ্য যে পাকিস্তানৰ সিন্ধু প্ৰদেশখন হ’ল সৰহসংখ্যক মুছলমান বসতিপ্ৰধান এলেকা৷ যোৱা ২৫ জুলাইত ঘোষিত নিৰ্বাচনী ফলাফলত ইয়াৰ পৰা ৩গৰাকীকৈ হিন্দু প্ৰাৰ্থী জয়লাভ কৰা ঘটনাটো এক উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে৷
প্ৰদেশখনৰ থাৰপাৰকাৰ সমষ্টিৰ পৰা মহেশ মালানি নেচনেল এছেম্বলীলৈ নিৰ্বাচিত হৈছে৷ তেওঁৰ উপৰি হৰিৰাম কিৱাৰীলাল আৰু জামচোৰোৰ গিয়ানো মাল ওৰফে জ্ঞানচান্দ ইচৰানীয়ে প্ৰভিন্সিয়েল এছেম্বলীৰ পি এছ-১৪৭ আৰু পি এছ-৮১ৰ আসনকেইখনত জয়লাভ কৰে৷
আনহাতে, তিনিওজন প্ৰাৰ্থীয়ে পাকিস্তানৰ অসংৰক্ষিত আসনৰ পৰা নিৰ্বাচন খেলি জয়যুক্ত হোৱা প্ৰথম অনা-মুছলমান হিচাপে পৰিগণিত হৈছে৷ পাকিস্তানৰ হিন্দু সংগঠনবোৰে তিনিওগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছে৷ চৰকাৰী তথ্যমতে, পাকিস্তানত ৭৫ লাখ হিন্দু লোকে বাস কৰা বুলি কোৱোৰ বিপৰীতে হিন্দু সম্প্ৰদায়ে তাত প্ৰায় ৯০ লাখ লোক বসবাস কৰি আছে বুলি দাবী কৰে৷
- Log in to post comments
- 8 views