ভোডাফোনৰ পোষ্ট পেইড গ্ৰাহকলৈ বিশেষ সুবিধা 

ভোডাফোনৰ পোষ্ট পেইড গ্ৰাহকলৈ বিশেষ সুবিধা 

এতিয়া ডাটা শেষ হোৱাৰ কোনো আশংকা নাই। টেলিকম কোম্পানী ভোডাফোন ইণ্ডিয়াই পোষ্ট পেইড গ্ৰাহকৰ বাবে আগবঢ়াইছে এক নতুন প্লেন। 'ভোডাফোন ৰেড আইফোন ফৰএভাৰ' প্লেনটোৰ মূল্য ৬৪৯ টকা। কিন্তু এই অফাৰৰ জৰিয়তে পোষ্ট পেইড গ্ৰাহকে লাভ কৰিব ৯০ জিবি ডাটা পেক। ভোডাফোনে ৰেড আইফোন ফৰএভাৰৰ দ্বাৰা লাভ কৰিবলগা সুবিধাসমূহ হ'ল ৬৪৯ টকা ৰিচাৰ্জ কৰিলে ৯০ জিবি ডাটাৰ লগতে ডাটা ৰোল অফাৰ আৰু আনলিমিটেড কলিঙৰ সুবিধা।

এই সুবিধা গ্ৰাহকে আইফোন ফৰএভাৰ প্ৰ'গ্ৰেমৰ জৰিয়তে আইফোন ৫ এছ আৰু তাৰ পাছত বজাৰত ওলোৱা আইফোনৰ আনবোৰ মডেলৰ বাবে। উল্লেখ্য যে ভোডাফোনৰ ফৰএভাৰ প্লেনৰ জৰিয়তে প্ৰতিমাহে গ্ৰাহকে লাভ কৰিব এই সুবিধা। এই ৯০ জিবি ডাটা, য'ত ২০০ জিবিলৈকে ডাটা ৰোল-অ'ভাৰ কৰিব পৰাৰ সুবিধা থাকিব। আনহাতে, এই অফাৰত নতুন পোষ্ট পেইড প্লেন আনলিমিটেড ফোন কল, এছটিডি আৰু ৰোমিং কলৰো সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

Your Comments