হাজোৰ কৃষকৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক

হাজোৰ কৃষকৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক

হাজোৰ পৰা কমলাকান্ত দাস

হাজোৰ বৰ্ণিৰ খেতিয়কসকল এতিযা ব্যস্ত ইৰিধানৰ খেতিত। কিন্তু বৰ্ণিৰ কৃষকসকল এইবাৰ ব্যতিক্ৰমী ৰূপত নামিছে পথাৰত৷ ৰোৱনীৰ দ্বাৰা তেওঁলোকে এইবাৰ কঠীযা ৰোপণ নকৰে। বৈজ্ঞানিক পদ্ধতিৰে মেচিনৰ দ্বাৰা ইৰিধানৰ খেতি কৰিব তেওঁলোকে। খেতি কৰা পদ্ধতি সম্পূৰ্ণ বৈজ্ঞানিক।

হাজোৰ কৃষকৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক

কিয়নো গুৱাহাটীৰ কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰই আধুনিক পদ্ধতিৰে ধানখেতি কৰিব পৰা যন্ত্ৰ আনি দিলে তেওঁলোকক। এপাৰ্টৰ আঁচনিৰ জৰিযতে খেতিয়ক ৰাইজক আধুনিক পদ্ধতিৰে ইৰিধানৰ খেতি কৰাৰ বাবে যোগান ধৰিলে উন্নতমানৰ বীজ সিঁচা আৰু ধান ৰোপণ যন্ত্ৰ৷ পৰামৰ্শ দিবলৈ বৰ্ণিৰ খেতিপথাৰলৈ আহিল কৃষি বিজ্ঞানী।

হাজোৰ কৃষকৰ মাজত অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক

নতুন পদ্ধতিৰে খেতি কৰি উৎপাদন বৃদ্ধি কৰিব পাৰিব বুলি খেতিয়কসকলো যথেষ্ট আশাবাদী। কম সময়তে একোজন খেতিয়কে কে'বা বিঘা মাটিত ৰোপণ কৰিব পাৰিব ধান। কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ কৃষকসকলে।

Your Comments