মহিন্দ্ৰৰ 'এক্স ইউ ভি ৩০০' মুকলি

মহিন্দ্ৰৰ 'এক্স ইউ ভি ৩০০' মুকলি

আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানী মহিন্দ্ৰই ভাৰতৰ বজাৰত মুকলি কৰিছে কম্পেক্ট এছইউভি এক্সইউভি ৩০০। দীৰ্ঘদিনৰ পৰা ইয়াৰ বাবে গ্ৰাহকৰ অপেক্ষা আছিল। প্ৰাৰম্ভিক পৰ্যায়ত ডব্লিউ-৪, ডব্লিউ-৬, ডব্লিউ-৮ প্ৰকাৰত বিলাসী গাড়ীখন মুকলি কৰা হৈছে।

লগতে বিকল্প হিচাপে থাকিব অতিৰিক্ত প্ৰযুক্তি আৰু দুৰ্ঘটনাৰ পৰা সুৰক্ষা ব্যৱস্থা সংযুক্ত ডব্লিউ-৮ (অ') প্ৰকাৰ। এক্সইউভি ৩০০খনৰ প্ৰাৰম্ভিক মূল্য ৭.৯০ লাখ (শ্ব' ৰূমৰ বাহিৰত) হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

Your Comments