ত্ৰিপুৰাত বন্ধ হ’ল পেঞ্চন-ভৱিষ্যনিধি ব্যৱস্থা

ত্ৰিপুৰাত বন্ধ হ’ল পেঞ্চন-ভৱিষ্যনিধি ব্যৱস্থা

ত্ৰিপুৰাৰ জনসাধাৰণক দেখদেখকৈ প্ৰতাৰণা কৰাৰ এক নতুন নজিৰ স্থাপন কৰিলে বিপ্লৱ দেৱ নেতৃত্বাধীন বিজেপি চৰকাৰে। 'চলো পাল্টাই' শ্লোগান দিয়া বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ সময়ত ঘৰে ঘৰে গৈ প্ৰতিগৰাকী যুৱক-যুৱতীক চাকৰি প্ৰদান, সপ্তম দৰমহা আয়োগৰ নিৰিখত চৰকাৰী কৰ্মচাৰীক দৰমহা প্ৰদান আদি অলেখ সুযোগ-সুবিধাৰ প্ৰতিশ্ৰুতি দিছিল ৷

কিন্তু শাসন-ক্ষমতালৈ অহাৰ কেইমাহমানৰ ভিতৰতে লুটিবাগৰ মাৰি সেইবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰাতো দূৰৈৰে কথা, পূৰ্বতে দি অহা সা-সুবিধাবিলাকো সম্পূৰ্ণভাৱে কৰ্তন কৰিবলৈ তৎপৰ হৈ পৰিছে বিজেপিৰ চৰকাৰখন। শেহতীয়াকৈ বিপ্লৱ দেৱৰ চৰকাৰৰ বিত্ত বিভাগে এক বিজ্ঞপ্তি জাৰি কৰি চৰকাৰী কৰ্মচাৰীসকলৰ স্থায়ী পেঞ্চন আৰু ভৱিষ্যনিধি সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে ৷ উক্ত বিবৃতিত ঘোষণা কৰামতে, ২০১৮ চনৰ ১ জুলাইৰ পৰা চাকৰিত যোগদান কৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্থায়ী পেঞ্চনৰ কোনো ব্যৱস্থা নাথাকিব ৷

তেওঁলোকক ভৱিষ্যনিধিৰো সুবিধা দিয়া নহ’ব ৷ ৰাজ্যখনৰ বিৰোধী দল চি পি আই (এম)ৰ নেতৃবৰ্গই বিজেপি চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যবাসীৰ প্ৰতি চৰম বিশ্বাসঘাতকতা বুলি আখ্যা দিয়ে ৷ উল্লেখ্য যে কেন্দ্ৰৰ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কাৰ্যকালত ২০০৮ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মীৰ সকলো ভৱিষ্যৎ সা-সুবিধা কৰ্তন কৰি বৰঙণিমূলক পেঞ্চন আঁচনি নামৰ এক আঁচনি বলৱৎ কৰা হৈছিল ৷ এই আঁচনি অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহাৰ পৰা এটা নিৰ্দিষ্ট অংশ চৰকাৰে কৰ্তন কৰি সেই টকা শ্বেয়াৰ বজাৰৰ মূল্য অনুসৰি অৱসৰৰ সময়ত ঘূৰাই দিব ৷

বিপ্লৱ দেৱৰ চৰকাৰে ত্ৰিপুৰাতো এই আঁচনি বলৱৎ কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ ফলত ত্ৰিপুৰাৰ নতুনকৈ চাকৰি পোৱা যুৱক-যুৱতীক আতংকই ছানি ধৰিছে ৷ নতুনকৈ জাৰি কৰা বিজ্ঞপ্তিত ৰাজ্যৰ বিজেপি চৰকাৰে যুক্তি দৰ্শাই কয়, ২০০৬-০৭ চনত পেঞ্চন শিতানত ব্যয়ৰ পৰিমাণ আছিল ২৬৭.৩৫ কোটি টকা ৷ ২০১৭-১৮ বৰ্ষত সেই ব্যয়ৰ পৰিমাণ বাঢ়ি ১৬০৫ কোটি ১ লাখ টকা হৈছেগৈ ৷ গতিকে ৰাজ্যখনৰ ব্যয়ৰ বোজা হ্ৰাস কৰিবলৈ স্থায়ী পেঞ্চন আৰু ভৱিষ্যনিধি সম্পূৰ্ণভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী জিষ্ণু দেৱবৰ্মাই এই জনস্বাৰ্থবিৰোধী সিদ্ধান্তৰ সপক্ষে যুক্তি দৰ্শাই কয় যে ত্ৰিপুৰা আৰু পশ্চিমবঙ্গকে ধৰি কেইখনমান ৰাজ্যৰ বাহিৰে দেশৰ অধিকাংশ ৰাজ্যই নতুন বৰঙণিমূলক পেঞ্চন আঁচনি গ্ৰহণ কৰিছে ৷ এতিয়া ত্ৰিপুৰাতো নতুনকৈ নিযুক্তিৰ ক্ষেত্ৰত এই নতুন ব্যৱস্থাকেই বলৱৎ কৰা হ’ব ৷ আনহাতে, ত্ৰিপুৰাৰ চি পি এম নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী বাদল চৌধুৰীয়ে কয় যে বাওঁমৰ্চা চৰকাৰে ২০০৩ চনতেই কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি নাকচ কৰিছিল ৷ এতিয়া বিজেপিয়ে ক্ষমতালৈ আহি ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সকলো ক্ষেত্ৰতে ৰাজ্যবাসীৰ উশাহ বন্ধ কৰি দিবলৈ তৎপৰ হৈছে ৷

Your Comments