অৰ্ণমাই বৰাৰ হত্যাকাৰীক ফাঁচিৰ নিৰ্দেশ

অৰ্ণমাই বৰাৰ হত্যাকাৰীক ফাঁচিৰ নিৰ্দেশ

ৰাজ্য কপোঁৱা অৰ্ণমাই বৰাৰ বলাৎকাৰ তথা হত্যাকাণ্ডৰ আজি চুড়ান্ত ৰায় প্ৰদান কৰে হোজাইৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতে ৷ ঘটনাটোত মূল অপৰাধী সাব্যস্ত হোৱা মইনুল হকক আদালতে ফাঁচিৰ নিৰ্দেশ দিয়ে। ঘটনাটোত জড়িত আনজন দোষী চেলিমুদ্দিনক যাৱজ্জীবন কাৰাদণ্ড বিহা হয় ৷ উল্লেখ্য যে যোৱা ২০১৭ চনৰ ৩১ মে’ৰ দিনা বিদ্যালয় বন্ধ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত অৰ্ণমাই বৰা নামৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক দুৰ্বৃত্তকেইটাই বলাৎকাৰ কৰাৰ পিছত হত্যা কৰি নদীৰ পাৰত পেলাই থৈ গৈছিল ৷  

Your Comments