পাচলিৰ পৰা চাউল-দাইললৈকে এতিয়া ঘৰতে পাব মহানগৰবাসীয়ে  

2222

ঘৰৰ বজাৰ কৰিবলৈ আপোনাৰ হাতত সময় নাই নেকি? দিনটো কাৰ্যালয়ত কাম কৰাৰ পিছত আবেলি বজাৰত সোমাই দাম-দৰ কৰি নিত্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী কিনিবলৈ আপোনাৰ ধৈৰ্য নহয় নেকি? এতিয়া আৰু এইবোৰ চিন্তা কৰিব নালাগে৷ এতিয়া আপোনাৰ পাকঘৰৰ ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰী আপোনাৰ এটি ফোনকলতে আপোনাৰ দুৱাৰমুখত বিনামূলীয়াকৈ দি যোৱাৰ প্ৰতিশ্ৰুতিৰে গুৱাহাটীত ‘টুকুৰী’ নামেৰে আৰম্ভ হ’বলৈ লৈছে এটি বিশেষ সেৱা৷

১ মাৰ্চৰ পৰা গুৱাহাটী মহানগৰৰ গণেশগুৰি, ৰাজধানী মছজিদ, হাতীগাঁও, বেলতলা আৰু লালমাটি অঞ্চলত উপলব্ধ হ'ব এই সেৱা৷ অতি কম সময়ৰ ভিতৰতে মহানগৰীৰ আন আন স্থানসমূহতো লাহে লাহে উপলব্ধ হ’ব এই সেৱা৷ সতেজ শাক-পাচলিৰ পৰা আৰম্ভ কৰি চাউল-দাইলৰ লগতে ঘৰুৱা ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰী ফোন কৰি অৰ্ডাৰ দিয়াৰ লগে লগে এটি ন্যূনতম সময়ৰ ভিতৰত ডেলিভাৰী দিয়া হ’ব বুলি ‘টুকুৰী’ কৰ্তৃপক্ষই জনায়৷ গুগল প্লে’ ষ্টো’ৰত Tukuri নামেৰে শীঘ্ৰে এই সেৱাৰ এনড্ৰয়েড এপ্লিকেচন উপলব্ধ হ’ব আৰু যিকোনো স্থানৰ পৰা আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ঘৰত পোৱাকৈ অৰ্ডাৰ কৰিব পাৰিব৷

Your Comments