মাজুলীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ : ৫,৬৯৫গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত

মাজুলীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ : ৫,৬৯৫গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ আধাৰত মাজুলী জিলাতো আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আগতীয়া প্ৰস্তুতি আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে যোৱা ৬ ফেব্ৰুৱাৰীত ৯৯নং মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)ৰ চূড়ান্ত ভোটাৰ তালিকা-২০১৯ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত নৰেণ দাসে মাজুলীৰ নিৰ্বাচন বিষয়া মগেন নৰহৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। ন্যূনতম ১৮ বছৰ বয়সৰ যোগ্যতাৰ বাবে যোৱা ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ চলোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ জৰিয়তে এই চূড়ান্ত ভোটাৰ তালিকা প্ৰস্তুত কৰি উলিওৱা হৈছে।

এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি মাজুলী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,২৫,০১৬গৰাকী। ইয়াৰে ৬৪,২৭০জন পুৰুষ আৰু ৬০,৭৪৪গৰাকী মহিলা ভোটাৰ। মাজুলীত এইবাৰ নতুন ভোটাৰ হিচাপে তালিকাখনত অন্তৰ্ভুক্ত হৈছে ৫,৬৯৫গৰাকী ভোটাৰৰ নাম। উল্লেখ্য যে ২০১৮ চনৰ ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ১,২০,৩০২গৰাকী। মাজুলীৰ নিৰ্বাচন বিষয়া মগেন নৰহে জনোৱা মতে, মাজুলীবাসী ৰাইজে চাব পৰাকৈ এই চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰতিলিপি ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয় আৰু বিধানসভা সমষ্টিটোৰ ১৬৪টা ভোটকেন্দ্ৰত উপলব্ধ কৰা হৈছে। তদুপৰি, প্ৰতিগৰাকী 'ভোটকেন্দ্ৰ পৰ্যায়ৰ বিষয়া' (বিএলঅ')ৰ ওচৰতো ভোটাৰ ৰাইজে এই চূড়ান্ত ভোটাৰ তালিকা চাব পাৰিব।

Your Comments