আয়কৰ ৰেহাই : লক্ষ্য ৩ কোটি

s

অন্তিমখন বাজেটত মোডী চৰকাৰে আয়কৰ ৰেহাইৰ সীমা ৫ লাখ টকালৈ বৃদ্ধি কৰিছে মধ্যবিত্ত বুলিয়েই নহয় নিম্ন মধ্যবিত্তক লক্ষ্য কৰিয়েই এই ৰেহাই ব্যৱস্থা৷

ভাৰপ্ৰাপ্ত বিত্তমন্ত্ৰী পীযুষ গোৱেলে ১ ফেব্ৰুৱাৰীত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা বাজেট ঘোষণা কৰাৰ লগে লগে বহু সময় ধৰি সদনৰ শাসকগোষ্ঠীৰ সাংসদসকলে সমৰ্থন কৰি থকা পৰলক্ষিত হৈছিল৷

২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটৰ মতে ৫ লাখ টকা পৰ্যন্ত আয়কৰ লোকে কৰ দিব নালাগে৷ দৰমহা ভোগী ব্যক্তিৰ কৰ মুক্ত আয়ৰ ৰেইহাইৰ সীমা অৰ্থাৎ ষ্টেণ্ডাৰ্ড টেক্স বৃদ্ধি কৰা হয়৷

ইয়াৰ ফলত কাৰ কি লাভ হ’ব ?

পূৰ্বতে ২.৫ লাখলৈ আয়কৰ ৰেহাই আছিল৷ ২.৫ লাখৰ পৰা ৫ লাখলৈ ৫ শতাংশ কৰ, ৫ লাখৰ পৰা ১০ লাখলৈ ২০ শতাংশলৈ ২০ শতাংশ কৰ, ১০ লাখৰ পৰা ওপৰলৈ ৩০ শতাংশ কৰ৷

নতুন নিৰীশ মতে :

* ২.৫ লাখৰ পৰা ৫ লাখলৈ আয়

                                  বাজেটৰ আগতে     বাজেটৰ পিছত

দৰমহাৰ পৰা আয়          ৩,৬০,০০০          ৩,৬০,০০০

আয়ৰ ৰেহাই                   ৪০,০০০            ৫০,০০০

কৰ দিব লগা আয়         ৩,২০,০০০          ৩,১০,০০০

কৰৰ পৰিমাণ                 ১০৪০              ০

u/3 87A মতে ৰেহাই       ১০৪০              ০

কৰ ৰেহাই                     ১০৪০ টকা

* ৫ লাখৰ পৰা ৬ লাখ টকালৈ আয়
                                বাজেটৰ আগতে       বাজেটৰ পিছত

দৰমহাৰ পৰা আয়       ৫,৫০,০০০          ৫,৫০,০০০

আয়কৰ ৰেহাই            ৪০,০০০            ৫,০০,০০০

কৰ দিব লগা আয়       ৫,১০,০০০          ৫,০০,০০০

কৰৰ পৰিমাণ             ১৫,০৮০            ০

কৰৰ পৰা ৰেহাই        ১৫,০৮০ টকা

* ৬ লাখৰ পৰা ১০ লাখ টকালৈ আয়
                              বাজেটৰ আগতে       বাজেটৰ পিছত

দৰমহাৰ পৰা আয়       ৮,৫০,০০০          ৮,৫০,০০০

আয়ৰ ৰেহাই               ৪০,০০০            ৫০,০০০

কৰ দিব লগা আয়       ৮,১০,০০০          ৮,০০,০০০

কৰৰ পৰিমাণ চেচ্‌সহ   ৭৭,৪৮০            ৭৫,৪০০

কৰ কমিল                ২০৮০ টকা

* ১০ লাখ টকাৰ ওপৰত আয়
                            বাজেটৰ আগতে       বাজেটৰ পিছত

দৰমহাৰ পৰা আয়        ১০,৫০,০০০         ১০,৫০,০০০

আয়ৰ ৰেহাই               ৪০,০০০            ৫০,০০০

কৰ দিব লগা আয়        ১০,১০,০০০         ১০,০০,০০০

কৰৰ পৰিমাণ চেচ্‌সহ    ১,২০,১২০           ১,১৭,০০০

কৰ কমিল                 ৩১২০ টকা

২০১৯-২০ৰ বাজেট ঘোষণাৰ পিছত কৰৰ পৰিমাণ ৫০ লাখ টকাৰ ওপৰত আয়ৰ ৩,৪৩২ টকা ১ কোটি কৰৰ ওপৰত আয়ৰ ৩,৫৮৮ টকা মুঠ আয়কৰৰ পৰা ৰেহাই পাব৷
উল্লেখ্য যে মুঠ কৰৰ ওপৰত ৪ শতাংশ চেচ্‌ গ্ৰহণ কৰা হয়৷ ৫০ লাখৰ ওপৰত আয় হ’লে ১০ শতাংশ আৰু ১ কোটিৰ ওপৰত আয় হ’লে ১৫ শতাংশ গ্ৰহণ কৰা হয়৷

প্ৰশ্নটো হ’ল বৰ্তমান দেশত ১৩৬ কোটি লোক৷ কৰ দিয়াৰ বাবে ফ্ৰম পূৰণ কৰে ৬.৯ কোটি লোকে৷ ৫ লাখলৈ কৰ ৰেহাইৰ ফলত ৩ কোটি লোৰ কৰ ৰেহাই হ’ব৷

প্ৰত্যেক কৰ ২০১৭-১৮ বিত্তীয় বৰ্ষত ১১.৪৪ লাখ কোটি৷ ১.৪৯ লাখ কোটি ঘূৰাই দিয়াত থাকিল প্ৰায় ১০ লাখ কোটি৷ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটত ৰেহাই ঘোষণা ৩ কোটি মানুহে আয়কৰৰ কৰা ৰেহাই পাব৷ অৱশ্যে আয়কৰৰ বাবে প্ৰয়োজনীয় ফৰ্ম পূৰণ কৰিব লাগিব৷   

Your Comments