ভাৰতৰ অভিলেখ- ৫ অংশগ্ৰহণকাৰী, ৫টা সোণৰ পদক

ভাৰতৰ অভিলেখ- ৫ অংশগ্ৰহণকাৰী, ৫টা সোণৰ পদক

এটা ভাৰতীয় দলৰ দ্বাৰা এতিয়ালৈকে প্ৰদৰ্শিত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হৈছে ৫গৰাকী শিক্ষাৰ্থীৰ এক আন্তঃৰাষ্ট্ৰীয় কৃতিত্ব। কিয়নো অংশগ্ৰহণকাৰী ভাৰতীয় দলটোৰ ৫গৰাকী সদস্যৰ পাঁচোগৰাকীয়ে লাভ কৰিবলৈ সক্ষম হৈছে সোণৰ পদক। উল্লেখ্য যে যোৱা সপ্তাহত পৰ্তুগালৰ লিছবনত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড (ইণ্টাৰনেচনেল ফিজিক্স অলিম্পিয়াড)। এই অলিম্পিয়াডতে ভাৰতীয় দলটোৰ প্ৰতিভাৱান ৫গৰাকী ছাত্ৰই সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়। ২১ বছৰীয়া ভাৰতীয় ইতিহাসত এইটো হ'ল প্ৰথম ঘটনা। উল্লেখ্য যে মুঠ ৮৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত সৰ্বাধিক সোণৰ পদক লাভ কৰা দ্বিতীয়খন দেশ হৈছে চীন।
ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ছাত্ৰকেইগৰাকী হ'ল মুম্বাইৰ ভাস্কৰ গুপ্তা, কোটাৰ লে জৈন, ৰাজকোটৰ নিশান্ত অভাংগী, জয়পুৰৰ পৱন গোৱেল আৰু কলকাতাৰ সিদ্ধাৰ্থ তিৱাৰী। মুঠ ৩৯৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অলিম্পিয়াডত ৪২গৰাকীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
 

Your Comments