আৰ এছ এছৰ দৰে মুছলিম যুৱ সংগঠন গঢ়িব জমিয়তে

আৰ এছ এছৰ দৰে মুছলিম যুৱ সংগঠন গঢ়ি তুলিব জমিয়তে

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দৰেই এক মুছলিম যুৱ সংঘঠন গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে উলেমা-ই-হিন্দে। দেশৰ সৰ্ববৃহৎ এই মুছলিম যুৱ সংগঠনক আৰ এছ এছৰ কৰ্মীসকলক দিয়া প্ৰশিক্ষণৰ দৰেই শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ দিয়া হ’ব৷ এই সংগঠনৰ নাম হ’ব ‘জমিয়ত ইয়ুথ ক্লাব’৷ প্ৰাপ্ত বাতৰি মতে প্ৰতি বছৰে ১২ লাখ ৫০ হেজাৰ মুছলিম যুৱকক মানসিক আৰু শাৰীৰিক সক্ষমতাৰ (ফিটনেছ) প্ৰশিক্ষণ দিয়া হ’ব৷ প্ৰথম পৰ্যায়ত দেশৰ পাঁচখন ৰাজ্যৰ ১৬খন জিলাত মুছলিম যুৱকসকলক প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰা হ’ব৷

jamiat youth club

‘ফিনেন্সিয়েল এক্সপ্ৰেছ’ কাকতৰ বাতৰি মতে ২০২৮ চনৰ ভিতৰত ১ কোটি ২৫ লাখ মুছলিম যুৱকক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য ধাৰ্য কৰিছে জমিয়েত৷ লগতে অহা ১০ বছৰত দেশৰ এশখন জিলাত এই সংগঠনৰ শাখা গঢ়ি তোলাৰ লক্ষ্য ধাৰ্য কৰিছে জমিয়তে৷ জমিয়ত উলেমা-ই-হিন্দৰ সাধাৰণ সম্পাদক মৌলানা মাহমুদ মাদানিয়ে কয়, ‘দেশৰ যদি কোনো বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ’লে সেই পৰিস্থিতিক যাতে মুছলিমসকলে মোকাবিলা কৰিব পাৰে তাৰ বাবে সক্ষম কৰি তুলিবলৈ মুছলিম যুৱকসকল এই প্ৰশিক্ষণ দিয়া হ’ব৷ তেওঁ লগতে কয় যে বিভিন্ন ধৰণৰ সামাজিক কাম-কাজতো এই সংগঠন জড়িত থাকিব৷

জমিয়তৰ আৰ এছ এছৰ দৰে মুছলিম যুৱ সংগঠন গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা সদৰী হোৱাৰ লগে লগেই সংঘ পৰিয়াল আৰু বিজেপিৰ নেতৃবৰ্গই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিজেপি নেতা বিনয় কাটিয়াৰে আতংক প্ৰকাশ কৰি কয়, জমিয়তৰ এই ধৰণৰ কাৰ্যৰ ফলত ভাৰতত গৃহযুদ্ধৰ দৰে পৰিস্থিতৰ সৃষ্টি হ’ব পাৰে৷ এই ধৰণৰ ক্লাব তৈয়াৰ কৰি দেশত জঙ্গি সংগঠন তৈয়াৰ কৰি থকা হৈছে৷ বিশ্ব হিন্দু পৰিষদেও জমিয়তৰ এই পৰিকল্পনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
 

Your Comments