এছ এম এছৰ জৰিয়তে কৃষকৰ পৰা উৎপাদিত শস্য ক্ৰয় কৰিব পশ্চিম বংগ চৰকাৰে

agriculture

মোবাইল ফোনলৈ এছ এম এছ পঠিয়াই কৃষকৰ পৰা উৎপাদিত শস্য ক্ৰয় ।

এই ব্যতিক্ৰমী পৰিকল্পনা পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰৰ। অহা আগষ্ট মাহৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন পৰিকল্পনা।

প্ৰাপ্ত তথ্য অনুসৰি, কৃষকসকলক এছ এম এছৰ জৰিয়তে জনোৱা হ'ব- কোনবিধ শস্য কিমান দামত, কিমান পৰিমাণৰ আৰু কোন স্থানৰ পৰা চৰকাৰে ক্ৰয় কৰিব। ৰাজ্যখনৰ কৃষি বিভাগ আৰু খাদ্য-যোগান বিভাগে মিলি সম্পন্ন কৰিব সমগ্ৰ প্ৰক্ৰিয়াটো। মূলতঃ ধান ক্ৰয়ৰ লক্ষ্যৰে এই এছ এম এছ পদ্ধতি লোৱা হৈছে যদিও চৰকাৰে অন্যান্য শস্যও কৃষকৰ পৰা কিনিব।

paddy

উল্লেখ্যে যে পশ্চিমবংগত ধান ক্ৰয়ৰ বাবে ব্লক ভিত্তিত খেতিয়কসকলক লৈ চৰকাৰে শিবিৰ অনুষ্ঠিত কৰি আহিছে। বিগত বৰ্ষত এনে শিবিৰ চলি থাকোঁতে কৃষি বিভাগে ৰাজ্যখনৰ ১৭ লাখ কৃষকৰ মোবাইল নম্বৰ সংগ্ৰহ কৰিছিল।

সেই ১৭ লাখ কৃষকক লক্ষ্য কৰি এতিয়া এছ এম এছ প্ৰেৰণ কৰিব চৰকাৰে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা বছৰ পশ্চিমবংগৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকলৰ পৰা ৩২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছিল। এইবাৰ এছ এম এছ প্ৰেৰণৰ কৌশল প্ৰয়োগ কৰি চৰকাৰখনে থলুৱা কৃষকৰ পৰা ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণ ৪০ লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Your Comments