ডি এম কেৰ মুৰব্বী কৰুণানিধি গুৰুতৰভাৱে অসুস্থ

ডি এম কেৰ মুৰব্বী কৰুণানিধি গুৰুতৰভাৱে অসুস্থ

বৰ্ষীয়ান ৰাজনীতিক তথা তামিলনাডুৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এম কৰুণানিধি গুৰুতৰভাৱে অসুস্থ৷ শুকুৰবাৰে নিশা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চেন্নাইৰ কাবেৰী হাস্পতালৰ আই চি ইউত চিকিৎসকলে ডি এম কেৰ মুৰব্বীগৰাকীক ২৪ ঘণ্টা পৰ্যবেক্ষণ কৰি আছে৷ চিকিৎসালয়ৰ সূত্ৰে জনোৱা মতে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ৷


কৰুণানিধিৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, ৯৪ বছৰীয়া কৰুণানিধি দীৰ্ঘদিনৰে পৰাই অসুস্থ৷ চেন্নাইৰ বাসভৱনতে তেওঁৰ চিকিৎসা চলাই থকা হৈছিল৷ কিন্তু শুকুৰবাৰে সন্ধিয়াৰে পৰা তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত চিকিৎসকসকলে তেওঁক শীঘ্ৰে হাস্পতালত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে৷ নিশা ১১মান বজাত তেওঁক কাবেৰী হাস্পতালত ভৰ্তি কৰোৱা হয়৷ লগে লগে কৰুণানিধিক চিকিৎসকসকলে আই চি ইউলৈ স্থানান্তৰিত কৰে৷

ডি এম কেৰ মুৰব্বী কৰুণানিধি গুৰুতৰভাৱে অসুস্থ

হাস্পতালৰ এটা সূত্ৰই জনায় যে কৰুণানিধিৰ ৰক্তচাপ অস্বাভাৱিকভাৱে হ্ৰাস পাইছিল৷ ফলত তেওঁৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটে৷ ইয়াৰ পিছতেই চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি বৰ্ষীয়ান তামিল নেতাগৰাকীক ততাতৈয়াকৈ কাবেৰী হাস্পতাললৈ লৈ যোৱা হয়৷ অসুস্থ নেতাগৰাকীৰ লগত হাস্পতাললৈ যায় তেওঁৰ পুত্ৰ এম কে আলাগাছি, এম কে ষ্টেলিন আৰু জীয়েক এম কে কানিমোঝি৷ ডি এম কেৰ অন্যান্য শীৰ্ষ নেতাসকলো উপস্থিত হয়হি৷ আনহাতে, কৰুণানিধিৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে হেজাৰ হেজাৰ ডি এম কে কৰ্মী আৰু সমৰ্থক হাস্পতাল চৌহদত উপস্থিত হয়হি৷ বহু সমৰ্থকে হাস্পতাল চৌহদতে কান্দোনত ভাগি পৰে৷

শুকুৰবাৰে নিশা আঢ়ৈমান বজাত হাস্পতাল কৰ্তৃপক্ষই এখন মেডিকেল বুলেটিন প্ৰকাশ কৰি জনায় যে কৰুণানিধিৰ শাৰীৰিক অৱস্থা সুস্থিৰ৷ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য চোৱাচিতা কৰি আছে৷


ইতিমধ্যে কৰুণানিধিৰ অসুস্থতাৰ বাতৰি সমগ্ৰ দেশত বিয়পি পৰাৰ পিছত ৰাজনৈতিক মহল উদ্বিগ্ন হৈ পৰিছে৷ আজি পুৱাৰে পৰা দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই বৰ্ষীয়ান নেতাগৰাকীৰ অৱস্থাৰ বুজ লৈ আছে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কৰুণানিধিৰ স্বাস্থ্যৰ খা-খবৰ লয় আৰু পিছত টুইটাৰত সেই কথা জনায়৷

Your Comments