ভাৰতত সোণৰ মূল্য ৩০ হাজাৰ, বাংলাদেশত ৫০ হাজাৰ

ভাৰতত সোণৰ মূল্য ৩০ হাজাৰ, বাংলাদেশত ৫০ হাজাৰ

ভাৰতত প্ৰতি তোলা সোণৰ মূল্য ২৯-৩১ হাজাৰ টকা। ইয়াৰ বিপৰীতে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশত সোণৰ মূল্য তড়িৎ গতিত বৃদ্ধি পাবলৈ লৈছে। বাংলাদেশৰ ঢাকাত এই সপ্তাহত ২২ ক্যাৰেট সোণৰ প্ৰতি তোলাৰ মূল্য ৫০,৭৩৮ টকা। পুনৰ ১৪০০ টকা বৃদ্ধি কৰা হৈছে।

ভাৰতত সোণৰ মূল্য ৩০ হাজাৰ, বাংলাদেশত ৫০ হাজাৰ

অতি কম দিনৰ ভিতৰতে বাংলাদেশত দুবাৰ সোণৰ মূল্য বৃদ্ধি কৰা হয়। ২০১৭ চনৰ ২৫ ডিচেম্বৰত ২২ ক্যাৰেট সোণৰ প্ৰতি তোলাৰ দাম আছিল ৪৯,৩৩৯ টকা। ২১ ক্যাৰেটৰ মূল্য ৪৭,১২৩ টকা আৰু ১৮ ক্যাৰেটৰ মূল্য ৪১,৮৭৪ টকা। এই সপ্তাহত প্ৰতি তোলা ২২ ক্যাৰেট সোণৰ দাম ৫০,৭৩৮ টকা, ২১ ক্যাৰেটৰ ৪৮,৪০৬ টকা আৰু ১৮ ক্যাৰেটৰ দাম ৪৩,১৫৭ টকা।

ভাৰতত সোণৰ মূল্য ৩০ হাজাৰ, বাংলাদেশত ৫০ হাজাৰ

প্ৰতিবেশী ৰাষ্ট্ৰখনৰ মূল্যৰ এনে তাৰতম্যৰ বাবে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং সোণ সৰবৰাহৰ এখন বৃহৎ বজাৰ গঢ়ি উঠাৰ অভিযোগ উঠিছে। অসম-বালাদেশ সীমান্ত বাণিজ্যত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

Your Comments