৫০বিধ সামগ্ৰীৰ দাম কমিল

 আজিৰে পৰা ৫০বিধ সামগ্ৰীৰ দাম কমিব

শুকুৰবাৰৰ পৰা ৫০বিধ সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাস পাইছে। যোৱা সপ্তাহত জি এছ টি কাউন্সিলে গ্ৰহণ কৰা সিদ্ধান্ত কালিৰে পৰা কাৰ্যকৰী কৰা হয়। ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ জি এছ টি হ্ৰাস কৰা সামগ্ৰীসমূহ হ’ল ৰেফ্ৰিজাৰেটৰ, ৱাটাৰ হিটাৰ, ৱাশ্বিং মেচিন, টেলিভিছন (৬৮ চেঃমিঃলৈকে), ভেকুৱাম ক্লিনাৰ, ৰং, চুলিৰ চেম্পু, চুলিৰ ৰং, চুলি শুষ্কক, সুগন্ধি স্প্ৰে’, লিথিয়াম বেটাৰী।

১৮ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি হ্ৰাস কৰা সামগ্ৰীসমূহ হ’ল ক্ৰমে হেণ্ডবেগ, জুৱেলাৰী বাকচ, পেইণ্টিঙৰ বাবে কাঠৰ ফ্ৰেম, ফটোগ্ৰাফ, আইনা, ব্ৰাছ কেৰাচিন প্ৰেচাৰ স্ত’ভ। ছেনিটাৰী পে’ড, ৰাখী, প্ৰস্তৰ মূৰ্তি আদি কেইপদমান সামগ্ৰীৰ ওপৰত জি এছ টি সম্পূৰ্ণ উঠাই লৈছে।

Your Comments