এছ বি আইৰ গ্ৰাহকলৈ নতুন সুবিধা

এছ বি আইৰ গ্ৰাহকলৈ নতুন সুবিধা

ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে নতুন সুবিধাৰ সংযোজন ঘটাইছে। এই সুবিধা অনুযায়ী কোনো গ্ৰাহকে তেওঁৰ ধন ট্ৰেন্সফাৰ কৰিবলৈ হ’লে উপভোক্তাৰ কোনোধৰণৰ বিতং তথ্যৰ প্ৰয়োজন নহয়। এই সুবিধাটোক ‘কুইক ট্ৰেন্সফাৰ’ নামেৰে নামকৰণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ২৫,০০০ টকালৈ লেনদেন কৰিব পাৰি।

আনহাতে, প্ৰতিটো ট্ৰেন্সফাৰত পূৰ্বৰ ৫,০০০ টকাৰ পৰিৱৰ্তে বৰ্তমান ১০,০০০ টকালৈ সীমা বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে এই সুবিধা অনুযায়ী গ্ৰাহকসকলে ধন ট্ৰেন্সফাৰৰ বাবে পূৰ্বৰ দৰে উপভোক্তাৰ বিতং তথ্য সংযোজন নকৰাকৈ অনায়াসে ট্ৰেন্সফাৰ কৰিব পাৰিব। এই সুবিধা লাভৰ বাবে গ্ৰাহকসকলে ইণ্টাৰনেট বেংকিং বা এছ বি আই এপ ব্যৱহাৰ কৰিব লাগিব।
 

Your Comments