অৱশেষত অগপ-বিজেপিৰ মিত্ৰতা ভংগ

অৱশেষত অগপ-বিজেপিৰ মিত্ৰতা ভংগ

অৱশেষত অসমৰ সংগ্ৰামী ৰাইজে, বিশেষকৈ আঞ্চলিকতাবাদত বিশ্বাসী জনসাধাৰণে বিচাৰি থকা সেই বিশেষ খবৰটো আহিল৷ অসমৰ বাহিৰে-ভিতৰে বিৰাজমান উত্তপ্ত পৰিস্থিতিৰ মাজতে ভংগ হ'ল অগপ-বিজেপিৰ মিত্ৰতা৷ মিত্ৰতা ভংগৰ কথা আজি নতুন দিল্লীত ঘোষণা কৰে অগপৰ সভাপতি অতুল বৰাই৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে অন্তিম মুহূৰ্তলৈকে যুঁজি যাব বুলি অগপ নেতৃত্বই বাৰম্বাৰ ঘোষণা কৰি আহিছিল৷ চৰকাৰত অংশীদাৰ হৈ থাকিয়েই সেই যুঁজ তেওঁলোকে অব্যাহত ৰাখিছিল৷ যাৰবাবে বিভিন্ন মহলৰ কটু সমালোচনাৰ সন্মুখীন হৈ আহিছিল অগপ নেতৃত্ব৷ যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দাখিল কৰাৰ পিছতো দিল্লীলৈ ৰাওনা হৈছিল সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ এটা শীৰ্ষস্থানীয় প্ৰতিনিধিৰ দল৷

বিধেয়কখনৰ বিৰুদ্ধে দেশৰ অন্যান্য ৰাজনৈতিক দলৰ সহযোগ আদায়ৰ প্ৰচেষ্টা চলাইছিল অগপৰ নেতাসকলে৷ কিন্তু অগপ তথা আন সকলো সংগ্ৰামী শক্তিক বুঢ়া আঙুলি দেখুৱাই আজি একেটা দিনতে লোকসভা আৰু ৰাজ্যসভাত বহু বিতৰ্কিত বিধেয়কখন উত্থাপন কৰা হয়৷ আনকি কিছু সময় পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকে বিতৰ্কিত বিধেয়কখনত অনুমোদন জনায়৷

প্ৰাপ্ত তথ্যমতে, এই উত্তপ্ত পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক বৈঠকত মিলিত হয় সভাপতি বৰাকে ধৰি অগপৰ নেতাসকল৷ কিন্তু উক্ত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কাইলৈৰ দিনটোতে বিধেয়কখন সংসদত অনুমোদন জনাবলৈ কেন্দ্ৰীয় চৰকাৰ অগ্ৰসৰ হৈছে৷ বিধেয়কখন সংসদত গৃহীত হোৱাটো নিশ্চিত হোৱাৰ লগে লগেই বিজেপিৰ স'তে মিত্ৰতা ভংগ কৰা বুলি অগপৰ সভাপতিগৰাকীয়ে ঘোষণা কৰে৷

নতুন দিল্লীত সাংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক উদ্দ্যেশ্যি অগপৰ সভাপতিগৰাকীয়ে কয়- "আমি বহুবাৰ দিল্লীক আবেদন জনাইছিলোঁ জাতিধ্বংসী বিধেয়কখন গ্ৰহণ নকৰিবৰ বাবে৷ কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে৷ অসমৰ ৰাইজৰ আৱেগ-অনুভূতিত চূড়ান্ত আঘাত হানি আৰু অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক চূড়ান্ত সংকটলৈ ঠেলি বিজেপিয়ে যিহেতু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়ে আমিও মিত্ৰতা ভংগৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ৷" আগন্তুক সময়ত অগপই অসম আৰু অসমৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অধিক শক্তিশালী ৰূপত কাম কৰি যাব বুলিও অগপৰ সভাপতিগৰাকীয়ে দৃঢ়তাৰে ঘোষণা কৰে৷

Your Comments