কৰ্মচাৰীলৈ নতুন নিৰিখত গৃহ ভাত্তা

কৰ্মচাৰীলৈ নতুন নিৰিখত গৃহ ভাত্তা

কৰ্মচাৰীলৈ নতুন নিৰিখত গৃহ ভাত্তা

ৰাজ্যৰ কৰ্মচাৰীৰ দৰমহা আসোঁৱাহ নিৰাময় কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত নতুন নিৰিখত গৃহ ভাত্তা লাভ কৰিব। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে প্ৰতিটো বিভাগৰ প্ৰধান সচিব, অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত সচিব আৰু সচিবসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা কৰ্মচাৰীসকলে বকেয়া গৃহ ভাত্তা লাভ কৰিব।

বিভাগসমূহৰ হাতত কৰ্মচাৰীৰ গৃহ ভাত্তাৰ বাবে বকেয়া ধনৰ অভাৱ হ’লে সংশ্লিষ্ট বিভাগক মঞ্জুৰিৰ ব্যৱস্থা কৰিবলৈ বিত্ত বিভাগে নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰিছিল। কৰ্মচাৰী পৰিষদে এই প্ৰতিবেদনৰ প্ৰতিবাদ কৰিছিল। বহুকেইটা বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল অসন্তুষ্ট আছিল। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে গৃহ ভাত্তাৰ বিষয়ত থকা সমস্যা সমাধান কৰাত কৰ্মচাৰীসকলে কিছু হ’লেও নিশ্চয় সন্তুষ্টি লাভ কৰিব।

 

Your Comments