অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ নেত্ৰী জুৰি শৰ্মা বৰদলৈ আৰু মেঘালয়ৰ প্ৰাক্তন উপ-মুখ্য মন্ত্ৰী দেৱ'ৰাহ চি মাৰাকক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক পদত নিযুক্তি দিয়া হৈছে৷
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে জুৰি শৰ্মা বৰদলৈ আৰু মেঘালয়ৰ দেৱ'ৰাহ চি মাৰাকৰ লগতে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ অন্যান্য বিষয়ববীয়াসকলৰ নিযুক্তিত অনুমোদন জনায়৷
আনহাতে, ৰাহুল গান্ধীয়ে সৌম্য ৰেড্ডী আৰু পৰমিন্দৰ কৌৰক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচা পেনিযুক্তি দিয়াৰ লগতে জুৰি বৰদলৈ, চি মাৰাক, দীপিকা পাণ্ডে আৰু ভাৱনা জৈনৰ নাম সম্পাদক পদৰ বাবে অনুমোদন জনায়৷
উল্লেখ্য যে আন তিনিগৰাকী কংগ্ৰেছ নেত্ৰী ৰঞ্জিতা মেহতা, নুৰ খান আৰু প্ৰীতি তিৱাৰীক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিয়ে৷
- Log in to post comments
- 54 views