অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ জৰিয়তে অসম চুক্তি উলংঘনৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে "জগাও অসম, বচাও অসম" শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ অংশ হিচাপে অহা ৭ জানুৱাৰীত সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সমগ্ৰ ৰাজ্যজুৰি জোঁৰ সমদল উলিওৱা হ'ব।
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে কেন্দ্ৰীয়ভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি প্ৰত্যেক জিলা কংগ্ৰেছ কমিটীয়ে জিলা সদৰত আৰু প্ৰত্যেক ব্লক কংগ্ৰেছ কমিটীয়ে নিজ নিজ এলেকাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।
অসম ৰক্ষাৰ স্বাৰ্থত এই প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সকলো শ্ৰেণীৰ লোকক আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসে এক বিবৃতিযোগে এই কথা জনাইছে৷
- Log in to post comments
- 16 views