কাচাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নিমাত প্ৰধান মন্ত্ৰী : অসন্তুষ্ট বৰাকবাসী

কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নিমাত প্ৰধান মন্ত্ৰী : অসন্তুষ্ট বৰাকবাসী

কাচাৰ কাটিগড়াৰ পৰা প্ৰদীপ্ত পুৰকায়স্থ

শুকুৰবাৰে শিলচৰৰ ৰামনগৰৰ সভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰাক উপত্যকাৰ উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিব বুলি আশা কৰিছিল বৰাকৰ সৰ্বসাধাৰণ ৰাইজে৷ কিন্তু প্ৰধান মন্ত্ৰীৰ ভাষণত এই বিষয়ে উল্লেখ নথকাটোত ক্ষোভৰ সৃষ্টি হৈছে বৰাক উপত্যকাবাসীৰ মাজত৷

কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নিমাত প্ৰধান মন্ত্ৰী : অসন্তুষ্ট বৰাকবাসী

ৰামনগৰৰ সভাত প্ৰধান মন্ত্ৰীৰ ভাষণ আছিল নাটকীয় আৰু ইয়াত কোনো নতুনত্ব নাছিল৷ প্ৰধান মন্ত্ৰীয়ে ডিটেনচন কেম্প সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিলে৷ অতি লক্ষণীয়ভাৱে বৰাক উপত্যকাৰ একমাত্ৰ উদ্যোগ কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে উদ্যোগটো পুনৰুজ্জীৱিতকৰণৰ বাবে দাবী উত্থাপন কৰি থকা বিষয়টোক কোনো গুৰুত্ব নিদিলে৷

কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নিমাত প্ৰধান মন্ত্ৰী : অসন্তুষ্ট বৰাকবাসী

ইয়াৰ বিপৰীতে আন্দোলনকাৰী কৰ্মচাৰীসকলক আৰক্ষীৰ দ্বাৰা অন্যায়ভাৱে থানাত আটক কৰি ৰাখে৷ শুকুৰবাৰৰ এই বিজয় সংকল্প সভাত অসমৰ মুখ্য মন্ত্ৰী আৰু দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কাচাৰ কাগজ কল প্ৰসংগত এটা শব্দও উচ্চাৰণ নকৰিলে৷

কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নিমাত প্ৰধান মন্ত্ৰী : অসন্তুষ্ট বৰাকবাসী

দীঘলীয়া সময় অতি কষ্টেৰে জীৱন অতিবাহিত কৰিবলগা হোৱা শ্ৰমিক-কৰ্মচাৰীসকলৰ পক্ষত সহমৰ্মিতা প্ৰকাশ কৰাতো কোনো গুৰুত্ব আৰোপ নকৰিলে৷ ইয়াকে লৈ বৰাক উপত্যকাৰ সচেতন মহল অসন্তুষ্ট হৈ পৰিছে৷

Your Comments