লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীসকলে বিজেপিক গ্ৰহণ নকৰে : কোচ ৰাজবংশী সন্মিলনী

লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীসকলে বিজেপিক গ্ৰহণ নকৰে : কোচ ৰাজবংশী সন্মিলনী


অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ, খিলঞ্জীয়াৰ সুৰক্ষা, ছয় জনগোষ্ঠীক জনজাতিকৰণ সৰ্ম্পকত অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ন দেৱে বহু গুৰুতৰ মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে কমিটী গঠন কৰা মানে কিছুমান বিষয়ৰ পৰা আঁতৰি যোৱা। কিছুদিন আগতে ব্ৰহ্ম আয়োগে অসমত থকা অসমীয়াসকলৰ খিলঞ্জীয়া ভূমি সংৰক্ষণৰ বাবে নটা পৰাৰ্মশ আগবঢ়াইছিল। অসম চৰকাৰে সেই পৰামৰ্শ গ্ৰহণ নকৰিলে।

ঠিক তেনেদৰে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ যি কথা কৈছে, তেওঁলোক তাত পতিয়ন যাব পৰা নাই বুলিও মন্তব্য কৰে। বিশেষকৈ কোচ ৰাজবংশীসকলে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমত অসমীয়াসকলে বিচৰা ধৰণে অসমৰ খিলঞ্জীয়াসকলক ৰাজনৈতিক আৰু ভূমিৰ সুৰক্ষা প্ৰদান কৰিব বুলি ভবাৰ কথা তেওঁ উল্লেখ কৰে। কিন্তু তাকে নকৰি বিজেপি চৰকাৰে নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত অসমৰ ৰাইজক আঁভুৱা-ভাৰিব বিচাৰিছে৷

তাৰপৰা বিজেপি চৰকাৰৰ ব্যাপক ক্ষতি হ'ব বুলি তেওঁ মন্তব্য কৰে। অসমৰ ৰাইজে ব্ৰহ্ম আয়োগক যেনেদৰে পাহৰিব ধৰিছে ঠিক তেনেদৰে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিলেও একো ফলাফল নোহোৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তেনেদৰেই সময়বোৰ পাৰ কৰাই বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ এক কৌশল বুলি তেওঁ মন্তব্য কৰে। যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতি দিছিল যে শাসনলৈ আহাৰ ছয় মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব৷ কিন্তু সেই ছয় মাহ পাৰ হৈ পাঁচ বছৰ হ'বৰে হ'ল, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নহ'ল।

তেওঁ মন্তব্য কৰে যে চৰকাৰৰ শেষৰ সময়কণত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি অসমৰ খিলঞ্জীয়া সত্ত্বাক জীয়াই ৰখাৰ ক্ষেত্ৰত সাংবিধানিক ৰক্ষাকৱচ গঢ়ি তুলিব আশা কৰিছিল৷ কিন্ত চৰকাৰৰ ভূমিকাত কোচ ৰাজবংশীসকল নিৰাশ হোবা বুলি কোৱাৰ লগতে আহি থকা লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীসকলে বিজেপিক গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও কয়। এফালে নাগৰিকত্ব বিধেয়ক সংশোধনীৰ জৰিয়তে বিদেশীৰ বোজা অসমক জাপি দিব, আনফালে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ক'ব- এই দুটা কথা তেওঁলোকে হজম কৰিব পৰা নাই বুলিও তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ শাসনত থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ৭০ শতাংশ আসন লাভ কৰিছিল৷ কিন্তু বিজেপিয়ে শাসনত থকা অৱস্থাত ৫০ শতাংশ আসন লাভ কৰিছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে তেওঁলোকৰ পক্ষত অসমৰ ৰাইজে ভোটদান কৰা বুলি যিধৰণে ভাবি আছে সেইটো ভুল ধাৰণা৷ বৰঞ্চ শাসনাধিস্থিত চৰকাৰখনৰ প্ৰতি ৰাইজৰ এটা দায়বদ্ধতা থকাৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিছে বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ লগত লোকসভা নিৰ্বাচনৰ তুলনা নহয় বুলিও তেওঁ মন্তব্য কৰে৷

Your Comments