ভাৰতৰ সৈতে কাশ্মীৰেই মূল ইচ্ছ্যুঃ ইমৰাণ

ভাৰতৰ সৈতে কাশ্মীৰেই মূল ইচ্ছ্যুঃ ইমৰাণ

ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাৰ্তা দিলে পাকিস্তানৰ সম্ভাৱ্য প্ৰধান মন্ত্ৰী ইমৰাণ খানে। বুধবাৰে দেশখনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱা তেহৰিক-ঈ-ইনছাফ দলৰ মুৰব্বী তথা প্ৰাক্তন ক্ৰিকেট তাৰকা ইমৰাণ খানে বৃহস্পতিবাৰে ইছলামাবাদত এক সংবাদমেলত কয়- ‘সম্পৰ্ক উন্নত কৰাৰ বাবে ভাৰতে যদি এখোজ আগবাঢ়ে তেনেহ’লে আমি দুখোজ আগবাঢ়িম।’ তেওঁ ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ আশাও ব্যক্ত কৰে। কিন্তু লক্ষণীয় যে দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ যে প্ৰধান বাধা, সেই প্ৰসংগ এৰাই যায় ইমৰাণ খানে। কাশ্মীৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি পাকিস্তানে দোহাৰি থকা কথাকেই দোহাৰি তেওঁ ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্যকে আগবঢ়ায়। তেওঁ কয়- ‘ভাৰতৰ সৈতে কাশ্মীৰেই হৈছে মূল ইচ্ছ্যু। বিগত ৩০ বছৰ ধৰি কাশ্মীৰত মানৱাধিকাৰ উলংঘন হৈ আহিছে। ভাৰত আৰু পাকিস্তানৰ নেতৃবৰ্গই একেখন টেবুলত বহি সমস্যা সমাধানৰ চেষ্টা কৰা উচিত।’

ভাৰতৰ সৈতে সম্পৰ্ক আৰু কাশ্মীৰ সন্দৰ্ভত ইমৰাণ খানৰ এই মন্তব্যত নতুন কোনো ইতিবাচক বাৰ্তা যে নাই সেয়া ইতিমধ্যেই ভাৰতৰ ওচৰত স্পষ্ট হৈ পৰিছে। বৰং ইমৰাণ খানে পাক সেনাবাহিনীৰ বক্তব্যকেই দোহাৰিছে মাথোন। পাকিস্তানৰ সম্ভাৱ্য প্ৰধান মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ অভিযানৰ সময়তো ভাৰতৰ বিপক্ষে ব্যাপকভাৱে বিষোদগাৰ কৰিছিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন ভাৰতৰ সৈতে সম্পৰ্ক গঢ়ি তোলাত তেওঁ ইচ্ছুক নহয় বুলিও সেই সময়ত ইমৰাণে স্পষ্ট কৰি দিছিল। বৃহস্পতিবাৰে সংবাদমেলত খানে ভাৰতীয় সংবাদ মাধ্যমকো চোকা ভাষাত আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰে- ‘ভাৰতীয় সংবাদ মাধ্যমে মোক বলীউডৰ খলনায়কৰ দৰে চিত্ৰিত কৰি আছে।’

লক্ষণীয় যে পাক সেনাবাহিনীৰ সমৰ্থন আৰু আশীৰ্বাদৰ ফলতে ইমৰাণ আৰু তেওঁৰ দল তেহৰিক-ঈ-ইনছাফৰ এই উত্থান সম্ভৱ হৈছে। বিৰোধী নৱাজ শ্বৰীফৰ পি এম এল এন আৰু বিলাৱল ভূট্টোৰ পাকিস্তান পিপ’লছ পাৰ্টীৰ অভিযোগ- নিৰ্বাচনত ব্যাপক ৰিগিং হৈছে। সেনাবাহিনীৰ তত্ত্বাৱধানত ইমৰাণৰ সপক্ষে প্ৰাক-নিৰ্বাচনী পৰ্যায়তে ব্যাপক ৰিগিং হোৱা বুলি অভিযোগ উঠিছে। তদুপৰি, ভোটগ্ৰহণ আৰু ভোট গণনাৰ সময়ত কোনো পৰ্যবেক্ষককে ভোটগ্ৰহণ আৰু গণনা কেন্দ্ৰবোৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল পাক সেনাবাহিনীয়ে।

ইমৰাণ খানৰ সৈতে তালিবানৰ সম্পৰ্কৰ পূৰ্বৰ ট্ৰেক ৰেকৰ্ডৰ কাৰণেও ভাৰত চৰকাৰ পাকিস্তানৰ এই নতুন পট পৰিৱৰ্তনক লৈ বিশেষ আশাবাদী নহয়। তালিবানৰ সৈতে ইমৰাণৰ সুসম্পৰ্ক দীৰ্ঘদিনীয়া। ২০১৪ চনত পাক চৰকাৰৰ সৈতে আলোচনাৰ বাবে তালিবানে ইমৰাণ খানক তেওঁলোকৰ প্ৰতিনিধি হিচাপে মনোনীত কৰিছিল। চলিত বছৰতেই ইমৰাণে বি বি চিক দিয়া এক সাক্ষাৎকাৰত তালিবানী ন্যায়িক ব্যৱস্থাৰ প্ৰশংসা কৰিছিল। তেওঁ তালিবান কমাণ্ডাৰ হাকিমুল্লাক ‘শান্তিৰ দূত’ বুলি আখ্যা দিয়াৰ লগতে সংঘৰ্ষত হাকিমুল্লা নিহত হোৱাৰ ঘটনাক ‘শান্তি প্ৰক্ৰিয়াৰ প্ৰতি বৃহৎ আঘাত’ বুলি গণ্য কৰিছিল। আফগানিস্তানত তালিবানে চলাই থকা যুদ্ধক মুকলিভাৱে সমৰ্থন কৰা বাবে কাবুল প্ৰশাসনেও এবাৰ ইমৰাণক চোকা সমালোচনা কৰিছিল। তেওঁৰ এই তালিবানপ্ৰীতিৰ বাবে বহুতে তেওঁক ‘তালিবান খান’ বুলিও আখ্যা দিছে। ফলত সমাগত দিনত পাক সেনাবাহিনীৰ হাতৰ পুতলা হিচাপেই যে ইমৰাণ খানৰ চৰকাৰ পৰিচালিত হ’ব সি ধুৰূপ। স্বাভাৱিকতে ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হোৱাটো দূৰৈৰ কথা, ইমৰাণৰ নেতৃত্বাধীন পাকিস্তানৰ সৈতে সম্পৰ্কৰ অৱনতি হোৱাৰহে সম্ভাৱনা অধিক।

Your Comments