প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল অইল কৰ্তৃপক্ষ : অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ প্ৰস্তুতি স্থগিত

প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল অইল কৰ্তৃপক্ষ : অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ প্ৰস্তুতি স্থগিত

অইল কৰ্তৃপক্ষই স্থগিত ৰাখিছে অসমৰ দুখন তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰস্তুতি৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে ৰাজ্যৰ দুখনকৈ সক্ৰিয় তৈলক্ষেত্ৰ ষড়যন্ত্ৰমূলকভাৱে নিবিদাৰ জৰিয়তে ব্যক্তিগত কোম্পানীক গতাবলৈ ওলোৱাৰ পাছতেই ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদ।

প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল অইল কৰ্তৃপক্ষ : অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ প্ৰস্তুতি স্থগিত

কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আছুকে ধৰি প্ৰতিটো জাতীয় সংগঠনে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছিল। আনহে নালাগে চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ এই চক্ৰান্তৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল খোদ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীসকলৰ সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়ন, অইল এণ্ড গেছ এমপ্লয়িজ ইউনিয়ন নামৰ কৰ্মচাৰী সংগঠন দুটাই।

প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল অইল কৰ্তৃপক্ষ : অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ প্ৰস্তুতি স্থগিত

সকলোৱে দাবী কৰিছিল ব্যক্তিগত খণ্ডৰ হাতত তৈল খণ্ড গটোৱাৰ ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। যদি বন্ধ নকৰে তেনেহ'লে জানুৱাৰী মাহৰ পৰা সমগ্ৰ অসমত তৈল খণ্ডৰ কাম-কাজ বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছিল। তাৰ ফলস্বৰূপে অইল কৰ্তৃপক্ষই অৱশেষত স্থগিত ৰাখিছে উক্ত তৈল ক্ষেত্ৰ দুখন ব্যক্তিগত খণ্ডক অৰ্পণৰ প্ৰস্তুতি।

প্ৰতিবাদত সেও মানিবলৈ বাধ্য হ'ল অইল কৰ্তৃপক্ষ : অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ প্ৰস্তুতি স্থগিত

এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অইল কৰ্তৃপক্ষই। উল্লেখ্য যে অইল কৰ্তৃপক্ষই নিবিদা নম্বৰ CDG9977L19ৰ জৰিয়তে ব্যক্তিগত খণ্ডক গতাবলৈ বিচৰা তৈল ক্ষেত্ৰ দুখন হৈছে যোৰাজান আৰু টেঙাখাত ইস্তাৰ্ণ এছেট। অইল কৰ্তৃপক্ষই এই কথা এক পত্ৰৰ জৰিয়তে আনুষ্ঠানিকভাৱে জানিবলৈ দিছে অইল এণ্ড গেছ এমপ্লয়িজ ইউনিয়নক।

Your Comments