বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

শতবছৰ পূৰ্বে দেশৰ প্ৰথমটো শোধনাগাৰ হৈছিল ডিগবৈত৷ খাৰুৱা তেল শোধন কৰি ডিজেল প্ৰস্তুত কৰি ডিগবৈ শোধনাগাৰে আধুনিক সভ্যতালৈ প্ৰকৃত বৰঙণি আগবঢ়াইছিল ৷ আজি দেশত প্ৰয়োজনীয় ডিজেলৰ জোৰা মাৰিবলৈ দেশৰ বাহিৰৰ পৰা আমদানি কৰিবলগা হয় ৷ এই ডিজেলৰ ক্ষেত্ৰত অসমে বেলেগ এটা দিশেৰে দেশক সহযোগ আগবঢ়াব পাৰোঁ ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

সেইটো হ’ল জৈৱ ইন্ধন ৷ দেশৰ বিশাল ইন্ধনৰ বজাৰখনত জৈৱ ইন্ধনৰ জৰিয়তে অসমে পুঁজি গঠনৰ এক নতুন পথৰ সন্ধান কৰিব পাৰে ৷ আধুনিক সভ্যতাৰ অগ্ৰাধিকাৰ দিবলগা তৈল গৰ্ভস্থ প্ৰাকৃতিক তেলৰ ভাণ্ডাৰ ক্ৰমশঃ সংকুচিত হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি জৈৱ ইন্ধনে ইতিমধ্যে বিশ্বত এক গুৰুত্বপূৰ্ণ অৱস্থান লাভ কৰিছে ৷ খনিজ সম্পদ শেষ হ’ব পাৰে, কিন্তু বিশ্ব জীৱৰ বসবাসৰ উপযোগী হৈ থকালৈকে জৈৱ সম্পদ থাকিব ৷
গৱেষকসকলৰ এনে দৃষ্টিভংগীৰ বাবেই আজি সমগ্ৰ বিশ্বতে জৈৱ সম্পদৰ ক্ষেত্ৰখনে এক নতুন মাত্ৰা লাভ কৰিছে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ই এক অক্ষয় সম্পদ ৷ প্ৰখ্যাত বিজ্ঞানী অধ্যাপক মেককিন এমকাৱে আঙুলিয়াই দিছে যে ভৱিষ্যতে জৈৱ সম্পদেই অৰ্থনীতিৰ আধাৰ হ’ব ৷ ১৯৭০ চনত বিশ্বত হোৱা তৈল ইন্ধনৰ সংকটে জৈৱ ইন্ধনক প্ৰতি নতুন চিন্তাৰ পথ মুকলি কৰিলে ৷ বিজ্ঞানীসকলে বহু গৱেষণাৰ অন্তত সৌৰশক্তি, জলশক্তি আদিৰ লগতে বিকল্প ইন্ধন শক্তি হিচাপে জৈৱ ইন্ধনৰ ব্যৱহাৰ কৰিব পাৰি বুলি সিদ্ধান্তলৈ আহিল ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

২০০০ চনত ফ্ৰান্স, জাৰ্মানী, ইটালীয়ে ব্যৱহাৰিক ক্ষেত্ৰত জৈৱ ইন্ধনৰ প্ৰয়োগ আৰম্ভ কৰে ৷ ডেৰ নিযুত টন জৈৱ ইন্ধন উৎপাদন কৰি এই বাণিজ্যিক পথটো মুকলি কৰিলে ৷ বৰ্তমান ইউৰোপত সম্পূৰ্ণ বাণিজ্যিক ভিত্তিত জৈৱ ইন্ধনৰ ব্যৱহাৰ হৈছে ৷ জাৰ্মানীত হাজাৰৰো অধিক জৈৱ ডিজেল বিক্ৰী কেন্দ্ৰ মুকলি হৈছে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

সূৰ্যমুখী ফুল, ছয়াবিন আদিৰ পৰা তেল উৎপাদন কৰিব পৰা যায় যদিও ইন্ধন হিচাপে মূল্য অত্যধিক হয় ৷ গতিকে বাণিজ্যিক ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰৰ উপযোগী নহয় ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ ডিজেল উৎপাদন কৰিব পৰা সততে পোৱা তিনিবিধ জৈৱ সম্পদ হ’ল ভোট এৰা বা ভতৰা (Jatropha Curcus), কৰছ (Pongamia Pinnata) আৰু নাহৰ (Mesua Ferea) ৷ এই তিনিবিধ জৈৱ সম্পদৰ গুটিৰ সহায়ত ডিজেল উৎপাদন কৰিব পাৰি ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক


অসমৰ জলবায়ুৰ বাবে অতি উপযোগী হ’ল জেট্ৰোফা অৰ্থাৎ ভোট এৰা ৷ ই এবিধ দীৰ্ঘজীৱী আৰু সকলো জলবায়ুতে জীয়াই থাকিব পৰা উদ্ভিদ ৷ এইবিধ উদ্ভিদ সহজে গজে আৰু প্ৰায় পঞ্চাশ বছৰ পৰ্যন্ত জীয়াই থাকে ৷ ভোট এৰা ৰোৱাৰ দুবছৰ পিছৰ পৰাই বীজ অংকুৰিত হয় ৷ গতিকে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ ব াবেঅতি উপযোগী ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ভোট এৰাৰ বৈজ্ঞানিক নাম জেট্ৰোফা কাৰকাছ এল ৷ বিশ্বত জেট্ৰোফা গছ দুশটা বিভিন্ন নামেৰে পৰিচিত ৷ এই উদ্ভিদৰ প্ৰায় ১৭৫টা প্ৰজাতি আছে ৷ ভাৰতত ইয়াৰ ১২টা প্ৰজাতি পোৱা যায় ৷ ভোট এৰাজাতীয় গছ ৷ অসমৰ বিভিন্ন অঞ্চলত বাৰীৰ ঢাপত ভোট এৰা গছক জেওৰা হিচাপে ব্যৱহাৰ কৰা হয় ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

সাধাৰণতে ভোট এৰা গছক কীট-পতংগই আক্ৰমণৰ পৰা দূৰৈত থাকে, গৰম-সেমেকা জলবায়ুত ভোট এৰা গছৰ বীজ সহজে গজে ৷ বীজ আৰু ছালৰ পৰাও বংশ বৃদ্ধি কৰাব পাৰি ৷ শুকান গুটিৰ পৰা ৫৫ভাগ তেল পোৱা যায় ৷ এই তেল শোধন কৰিয়েই জৈৱ ডিজেল পোৱা যায় ৷ জেট্ৰোফা গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা উদ্ভৱ হৈছে ৷ জেট্ৰোছ আৰু আনটো ট্ৰফি ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

জেট্ৰোছৰ অৰ্থ ডাক্তৰ আৰু ট্ৰফিৰ অৰ্থ হ’ল পুৰিপুষ্ট ৷ ভেষজৰত্ন ডঃ গুণাৰাম খনিকৰৰ মতে জেট্ৰোফাৰ ঔষধি গুণো আছে ৷ ভোট এৰাই কৰ্কট ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে ৷ ছালৰ ৰোগ নিৰাময়তো ব্যৱহাৰ হয় ৷ পায়োৰিয়া ৰোগ ভাল কৰে ৷ বাতবিষ, পক্ষাঘাত, টিউমাৰ, গ্ৰহণী, কুষ্ঠৰোগ, গনোৰিয়া, জণ্ডিচ, নিউমনিয়া আদি বেমাৰৰ নিৰাময়ৰ বাবে ভোট এৰা ব্যৱহাৰ কৰিব পাৰি ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

জাভাত ভোট এৰা গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা তেলৰ পৰা চুলি বৃদ্ধি কৰা ঔষধো আৱিষ্কাৰ কৰিছে ৷ জৈৱ ডিজেল প্ৰস্তুত কৰাৰ লগতে এনেবিলাক ঔষধি গুণবিশিষ্ট ভোট এৰাক সম্পূৰ্ণ ব্যৱসায়িক তথা বাণিজ্যিক তথা বাণিজ্যিক দিশ আগত ৰাখি গুৰুত্ব দিয়াৰ সময় হৈছে ৷ লক্ষণীয় নিষ্কাশন কৰাৰ পিছত অৱশিষ্টখিনক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ভোট এৰাৰ অন্যান্য বৈশিষ্ট্য হ’ল উদ্ভিদে মাটিৰ খহনীয়াক প্ৰতিৰোধ কৰে ৷ অসমৰ বিভিন্ন খহনীয়া চৰিত্ৰৰ নদীসমূহৰ কাষত পৰিকল্পিতভাৱে ভোট এৰা গছৰ খেতি কৰিব পৰা যায় ৷ খহনীয়া প্ৰতিৰোধ হ’ব আৰু বাণিজ্যিক স্বাৰ্থতো ভোট এৰাক ব্যৱহাৰ কৰিব পৰা যায় ৷ 
ৰাজস্থান ৰাজ্যিক খনিজ লিমিটেডে জৈৱ ডিজেলৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি আহিছে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

জেট্ৰোফাৰ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি আহিছে, স্কুল বাছত জৈৱ তেল ব্যৱহাৰ কৰিছে ৷ ৰাজস্থান ৰাজ্যিক খনিজ লিমিটেড স্কুল বাছৰ পৰা পৰ্যায়ক্ৰমে ট্ৰাক, ডাম্পাৰ আদিত জৈৱ তেল ব্যৱহাৰ কৰিছে ৷ ৩৫ টনৰ পৰা আৰম্ভ কৰি ৮৫ টনৰ ডাম্পাৰ আৰু ৬০০ অশ্বশক্তিৰ মেচিন চলোৱাত জৈৱ তেল ব্যৱহাৰ কৰি সফল হৈছে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ৰাজস্থানৰ উদয়পুৰত ৫০০ হেক্টৰ মাটিত জেট্ৰোফাৰ খেতি কৰিছে ৷ ভাৰতীয় ৰে’লৱে'ই পৰীক্ষামূলকভাৱে প্ৰায় পাঁচ হাজাৰ কিলোমিটাৰ পথত জৈৱ ইন্ধন ব্যৱহাৰেৰে ৰে’লৰ চলাচল কৰাইছে ৷ উদ্ভিদৰ পৰা উৎপাদিত জৈৱ ডিজেল অন্য ডিজেলৰ লগত সংমিশ্ৰণ কৰি ব্যৱহাৰ কৰাত দেশৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলোৱা আৰম্ভ কৰিছে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

দেশত এইবিধ বিকল্প ইন্ধন প্ৰয়োগৰ পূৰ্ণ প্ৰচেষ্টা চলিছে ৷ জেট্ৰোফাৰ খেতি কৰা আৰম্ভ হোৱাৰ লগতে জৈৱ ডিজেলৰ ব্যৱহাৰৰ দ্ৰুত সম্প্ৰসাৰণ ঘটাই ইয়াৰ বজাৰ সৃষ্টি কৰাৰ বাবে চেষ্টা চলিছে ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় জৈৱ ডিজেল ক্ৰয় নীতি গ্ৰহণ কৰা হৈছে ৷ 

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

উত্তৰ-পূৰ্বাঞ্চল জৈৱ ডিজেল প্ৰকল্প নামেৰে এক যুটীয়া অভিযান অসমত আৰম্ভ কৰা হৈছিল ৷ জেট্ৰোফাৰ পৰা তেল উৎপাদন কৰি জৈৱ ডিজেলৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ, প্ৰচাৰ, কৃষক, উদ্যোগী যুৱ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক জৈৱ ডিজেলৰ ব্যৱহাৰৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে নেডফিৰ লগত ভাৰত চৰকাৰৰ অনুমোদিত প্ৰতিষ্ঠান পি চি আৰ এ (পেট্ৰ’লিয়াম কনজাৰভেচন ৰিছাৰ্চ এছ’চিয়েচন)ৰ এখন বুজাবুজি চুক্তি সম্পাদিত কৰিছিল ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ভোট এৰা গছৰ পৰা উৎপাদিত জৈৱ ডিজেলৰ ব্যৱহাৰিক উপযোগিতা, সাম্প্ৰতিক পেট্ৰ’-ইন্ধনৰ বিকল্প হিচাপে উক্ত জৈৱ ডিজেলৰ ব্যৱহাৰৰ লগতে নিবনুৱা সংস্থাপনতো এই বুজাবুজি চুক্তিয়ে সহায় কৰিব বুলি আশা কৰা হৈছিল ৷ বৰ্তমান দেশত প্ৰয়োজনীয় ডিজেলৰ পাঁচ শতাংশ জৈৱ ডিজেলৰ দ্বাৰা পুনৰ লক্ষ্য কৰিলে কমেও ২৫ লাখ নিবনুৱাৰ সংস্থাপনৰ পথ মুকলি হ’ব ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

এক হেক্টৰ মাটিৰ বাবে ৫/৬ কেজি ভোট এৰাৰ বীজৰ প্ৰয়োজন হয় ৷ সাধাৰণতে দুই মিটাৰৰ অন্তৰে অন্তৰে পুলি ৰুব লাগে যদিও নিয়মীয়া বৰষুণ হোৱা বা জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিত ডেৰ মিটাৰৰ দূৰে দূৰে ভোট এৰাৰ পুলি ৰোৱা হয় ৷ এক হেক্টৰ মাটিত পাঁচ হাজাৰ পুলি ৰুব পৰা যায় ৷ প্ৰথম বছৰত উৎপাদনৰ পৰিমাণ কম যদিও পৰ্যায়ক্ৰমে বাঢ়ি যায় ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

প্ৰথম বছৰত ২৫০ কিলোগ্ৰাম উৎপাদন হ’ব পাৰে ৷ দ্বিতীয় বছৰৰ পৰা এহাজাৰ কিলোগ্ৰাম, তৃতীয় বছৰত ২,৫০০ কিলোগ্ৰাম, চতুৰ্থ বছৰত ৮,০০০ কিলোগ্ৰাম আৰু ষষ্ঠ বছৰত ১০,০০০ কিলোগ্ৰামলৈ বীজ পোৱা যায় ৷ প্ৰায় দহ বছৰলৈ উৎপাদনৰ পৰিমাণ একোটা স্তৰতে থাকে ৷ ভোট এৰা গছৰ মাজে মাজে মিশ্ৰিত খেতিও কৰিব পৰা যায় ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

গছবিলাকৰ ৰং হালধীয়া হ’লেই ধাৰণা কৰিব পৰা যায় যে ইন্ধন গোট খাইছে ৷ এজোপা ভোট এৰা গছত ৪ৰ পৰা ৬ কিলোগ্ৰাম গুটি উৎপাদন হয় ৷ পঞ্চম বছৰৰ পৰা প্ৰতি হেক্টৰত ১০ৰ পৰা ১২ টন পৰ্যন্ত শুকান গুটি পোৱা যায় ৷ প্ৰতি বছৰত প্ৰতি হেক্টৰত ৬০ হাজাৰ টকা লাভৰ সম্ভাৱনা থকা ভোট এৰাৰ খেতিক অসমৰ কৃষকে গুৰুত্ব দিব পাৰে ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

শুকান গুটিৰ পৰা ৪৫/৫৫ ভাগ জৈৱ ডিজেল পোৱা যায় ৷ ৰে’ল বিভাগে ৰে’ল লাইনৰ কাষে কাষে জেট্ৰোফা গছৰ খেতি কৰাৰ বাবে পৰিকল্পনা হাতত লৈছিল ৷ এই খেতি এতিয়া দক্ষি ভাৰততো আৰম্ভ হৈছে ৷ 

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

আমাৰ প্ৰস্তাৱ হ’ল- বাৰীৰ ঢাপত হোৱা ভোট এৰা বা ভটৰাজোপাক আমি বাণিজ্যিক দিশত ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ গ্ৰাম্য অৰ্থনীতি পৰিৱৰ্তনৰ বাবে জৈৱ ডিজেলক আমি অন্য এক আধাৰ হিচাপে গ্ৰহণ কৰিব পাৰোঁ ৷

বাৰীৰ ঢাপত হোৱা ভোট এৰাজোপা বাণিজ্যিক দিশত ব্যৱহাৰ কৰা হওক

ফলত কৃষি ক্ষেত্ৰৰ লগতে সংস্থাপনৰো এটা শক্তিশালী পথ মুকলি হ’ব ৷ খাৰুৱা তেল উৎপাদন কৰা অসমে জৈৱ ইন্ধনৰ উৎপাদনৰ নেতৃত্ব দিব  পাৰে ৷ 

ভ্ৰাম্যভাষ : ৯৭০৭০-২৪৬১২

Your Comments