প্ৰধানমন্ত্ৰীৰ পদৰ দৌৰত মমতা, মায়াৱতী !

mamata

২০১৯ত মহিলা ৰাজনীতিকৰ হাতলৈ আহিব পাৰে দেশৰ নেতৃত্ব। শেহতীয়াভাৱে ৰাষ্ট্ৰীয় ৰাজনীতিত আলোচনাৰ বিষয়টো হ’ল ২০১৯ত দেশৰ প্ৰধানমন্ত্ৰী কোন হ’ব। তৃণমূল কংগ্ৰেছৰ নেত্ৰী পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নে বহুজন সমাজ পাৰ্টিৰ নেত্ৰী মায়াৱতী ? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ পিচত ২০১৯ৰ বাবে প্ৰধানমন্ত্ৰীৰ দাবীদাৰ বুলি ৰাহুল গান্ধীয়ে নিজেও ভবা নাই আৰু কংগ্ৰেছ দলেও সিদ্ধান্ত গ্ৰহণ কৰা নাই। দেশত কংগ্ৰেছৰ কি পৰিস্থিতি, সেইটো সকলোৰে অৱগত।

কংগ্ৰেছৰ এক সুত্ৰ মতে, ২০১৯ত কংগ্ৰেছে আঞ্চলিক দলসমূহক গুৰুত্বপূৰ্ণ স্থান দি নিৰ্বাচনী যুঁজত অৱতিৰ্ণ হ’ব। প্ৰয়োজন হ’লে প্ৰধানমন্ত্ৰীৰ বাবে মমতা বা মায়াৱতীকো কংগ্ৰেছে সমৰ্থন জনাব পাৰে। কংগ্ৰেছে স্পষ্ট কৰি দিয়ে যে বিজেপি বা সংঘ পৰিয়ালৰ লগত সম্পৰ্ক থকা ব্যক্তিক প্ৰধানমন্ত্ৰীৰ বাবে কংগ্ৰেছে সমৰ্থন নজনায়। এই সিদ্ধান্ত নীতিশ কুমাৰক লৈ কৰা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰে। শেহতীয়াকৈ নীতিশ কুমাৰক নৰেন্দ্ৰ মোডীৰ বিকল্প হিচাপে থিয় কৰোৱাৰ এক প্ৰচেষ্টা চলি আছে। এই প্ৰচেষ্টাক কলিতে বাধা দিয়াৰ বাবেই কংগ্ৰেছে বিজেপি আৰু সংঘ পৰিয়ালৰ সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিছে। বিহাৰৰ মুখ্যমন্ত্ৰী জে ডি (ইউ)ৰ নেতা নীতিশ কুমাৰ বৰ্তমান এন ডি এৰ মিত্ৰ জোঁটত আছে।

প্ৰাক্তন বিত্তমন্ত্ৰী, কংগ্ৰেছ নেতা পি চিদম্বৰমৰ মতে, কংগ্ৰেছে ১২খন জিলাত অকলেই ১৫০খন আসন লাভ কৰিব পাৰে। তথাপিও মোডী চৰকাৰক উৎখাত কৰাৰ স্বাৰ্থত আঞ্চলিক দলসমূহৰ লগত সকলো স্তৰৰ মিত্ৰতা কৰাৰ পক্ষপাতী কংগ্ৰেছ। ইফালে বহুজন সমাজ পাৰ্টি (বি এছ পি)ৰ নেত্ৰী মায়াৱতীয়ে স্পষ্ট কৰিছিল যে আসন বুজাবুজিৰ ওপৰতহে কংগ্ৰেছৰ লগত মিত্ৰতাৰ বিষয়টো আহিব। চলিত বৰ্ষতে হ’ব লগা মধ্যপ্ৰদেশ, ছণ্ডীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে আসন বুজাবুজি সম্ভৱ নহ’লে মিত্ৰতা প্ৰশ্নবোধক হৈ ৰ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক’ব বিছাৰে। অৱশ্যে নতুন দিল্লীৰ এখন সংবাদ মেলত মায়াৱতীয়েও এই বিষয়টো স্পষ্ট কৰি দিছে।

ইফালে, আৰ জে ডিৰ নেতা তেজস্বী যাদৱে দাবী কৰে যে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বৰ দৌৰত কেৱল ৰাহুল গান্ধীয়েই নহয় আৰু বহুজন আছে। সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ নাম থিৰাং কৰিব। ৰাহুল গান্ধীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, এন চি পিৰ নেতা শাৰদ পাৱাৰ, বি এছ পিৰ নেত্ৰী মায়াৱতীও এই দৌৰত আছে। তেজস্বী যাদৱে জনায় যে, বিৰোধীয়ে ঐক্যবদ্ধভাৱে যিজনক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰিব, তেওঁকেই আৰ জে ডিয়ে সমৰ্থন জনাব।  

Your Comments