২১-৩০ ডিচেম্বৰত শুক্লেশ্বৰ ঘাটত খাদ্যমেলা

২১-৩০ ডিচেম্বৰত শুক্লেশ্বৰ ঘাটত খাদ্যমেলা

প্ৰতি বছৰৰ দৰে এইবাৰো অহা ২১ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটী শুক্লেশ্বৰ মন্দিৰৰ সমীপৰ ৰজাদুৱাৰ ঘাটত অনুষ্ঠিত হ'ব শীতকালীন খাদ্যমেলা ।

নৰ্থ-ইষ্ট ছ'চিয়েল কালচাৰ ডেভেলপমেণ্ট ছ'চাইটীৰ উদ্যোগত আয়োজন কৰা হৈছে এই খাদ্যমেলা । উল্লেখ্য যে এইবাৰৰ খাদ্যমেলাত ৪০খনতকৈ অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আয়োজক সমিতিৰ সভানেত্ৰী জোনালী বৰুৱাই ।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি লগতে তেওঁ কয় যে এইবাৰ এই খাদ্যমেলাত অসমৰ বিভিন্ন প্ৰান্তৰ থলুৱা খাদ্য-সম্ভাৰৰ উপৰি থাকিব অৰুণাচলৰ কিছু খাদ্য-সম্ভাৰ ।

আনহাতে, খাদ্যমেলাখন আনুষ্ঠানিকভাৱে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই উদ্বোধন কৰিব বুলিও লগতে জানিবলৈ দিয়ে । এই খাদ্যমেলাত জাতি-জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যৰ লগতে সাজপাৰৰ বিপণীও থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিদিনে সন্ধিয়া খাদ্যমেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ সাস্কৃতিক অনুষ্ঠানো ৷

উল্লেখ্য যে ৰাইজৰ সুবিধার্থে পুৱা ৯.৩০ বজাৰ পৰা ৰাতি ৯ বজালৈকে খোলা থাকিব এই খাদ্যমেলা । আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি খাদ্যমেলাৰ প্ৰৱেশ মাচুল ১০ টকা ।

Your Comments