গণ প্ৰহাৰ ৰোধৰ বাবে আইন প্ৰণয়ন কৰিব চৰকাৰে : ৰাজনাথ

গণ প্ৰহাৰ ৰোধৰ বাবে আইন প্ৰণয়ন কৰিব চৰকাৰে : ৰাজনাথ

সংঘ পৰিয়ালৰ তথাকথিত গো-ৰক্ষকসকলৰ দ্বাৰা দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত গণ প্ৰহাৰৰ ঘটনাবোৰক লৈ যি সময়ত সমগ্ৰ দেশবাসী প্ৰচণ্ডভাৱে উদ্ভিগ্ন সেই সময়ত শাসক বিজেপি আৰু সংঘ নেতাসকলে ঘোষণা কৰিছে-‘গো-হত্যা বন্ধ হ’লেহে গণপ্ৰহাৰৰ ঘটনা বন্ধ হ’ব।’ ৰাজস্থানৰ বিজেপি চৰকাৰৰ মন্ত্ৰী যশোবন্ত সিং যাদবে সংবাদ মাধ্যমক কয়, ‘গৰুৰ অমৰ্যদা হ’লে হিন্দুৰ তেজ গৰম হ’বই।’

বিজেপিৰ উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ বিনয় কাটিয়াৰৰ ঘোষণা- ‘গো-হত্যা বন্ধ হ’লেই গণ প্ৰহাৰো বন্ধ হ’ব।’ এনে ধৰণৰ মন্তব্য আগবঢ়াইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুছলিম শাখাৰ নেতা ইন্দ্ৰেশ কুমাৰে। তেওঁ মঙ্গলবাৰে কয়, “গো-মাংস ভক্ষণ কৰাটো বন্ধ কৰক, নিজে নিজেই বন্ধ হ’ব গণ প্ৰহাৰৰ ঘটনা।’

লক্ষণীয় যে, দেশজুৰি বিশেষকৈ বিজেপি শাসিত ৰাজ্যবিলাকত স্বয়ম্ভু ‘গো-ৰক্ষক’ সকলৰ দ্বাৰা সঘনে গো-হত্যাৰ ভুৱা অভিযোগত নিৰীহ মানুহক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনা লৈ খোদ সৰ্বোচ্চ ন্যায়ালয় পৰ্যন্ত গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে। শেহতীয়াভাৱে সৰ্বোচ্চ ন্যায়ালয়ে গণপ্ৰহাৰৰ ঘটনা বিলাকক অবাঞ্ছিত আৰু অসাংবিধানিক বুলি আখ্যা দি এইবোৰ ঘটনাক ৰোধ কৰিবলৈ কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। সংসদত বিৰোধী দলবোৰেও এইবোৰ ঘটনাক লৈ চৰকাৰ আৰু সংঘ পৰিয়ালৰ বিৰুদ্ধে প্ৰবলভাৱে সৰৱ হৈ পৰিছে।

ন্যায়পালিকা আৰু বিৰোধী দল বিলাকৰ হেঁচাত বাধ্য হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে জনায়, ‘গণপ্ৰহাৰ ৰোধ কৰিবলৈ চৰকাৰে আইন প্ৰণয়নৰ কথা বিবেচনা কৰি আছে।’ তেওঁ লগতে কয়, ‘গণপ্ৰহাৰৰ ঘটনাত চৰকাৰ উদ্বিগ্ন।’ অথচ তাৎপৰ্যপূৰ্ণ যে যোৱা সপ্তাহত লোকসভাত অনাস্থা প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কৰ সময়ত বিৰোধী দলবিলাকে গণপ্ৰহাৰৰ ঘটনা আৰু সংঘ পৰিয়ালৰ ‘গো ৰক্ষক’ বাহিনীয়ে চলোৱা তাণ্ডৱৰ কথা উল্লেখ কৰাত তাৰ প্ৰত্যুত্তৰত গৃহমন্ত্ৰী ৰাজনাথ সিঙে ১৯৮৪ চনৰ শিখ দাঙ্গাৰ কথা অবতৰণা কৰি বিষয়টোক তল পেলাবলৈ চেষ্টা কৰিছিল। কিন্তু এতিয়া বিষয়টোত সৰ্বোচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাত তেওঁ সুৰ সলনি কৰিবলৈ বাধ্য হয়।

গৃহমন্ত্ৰীয়ে মঙ্গলবাৰে লোকসভাত এক বিবৃতিযোগে কয়, ‘গণ প্ৰহাৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিব।’ মঙ্গলবাৰে প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতেই কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে, তৃণমূল কংগ্ৰেছ নেতা সুদীপ বেনাৰ্জী, চি পি এম নেতা মহম্মদ ছোলিম আদিয়ে গণপ্ৰহাৰৰ ঘটনাক পুনৰ প্ৰতিবাদত সৰব হয় আৰু বিষয়টোক লৈ আলোচনা দাবী তোলে। মল্লিকাৰ্জুন খাৰ্গেই দোষী গোৰক্ষক বাহিনীৰ কঠোৰ শাস্তিৰো দাবী জনায়। আনহাতে চি পি এম সাসদ মহম্মদ ছোলিমে কয়, ‘গণপ্ৰহাৰৰ খলনায়কসকলক মালা পিন্ধাই সম্বৰ্থনা জনাই থাকিলে সঘনে ঘটি থাকিব।’

সৰ্বোচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে গণপ্ৰহাৰ ৰোধৰ বাবে প্ৰতিখন ৰাজ্যত জিলাস্তৰৰ ডি এছ পিৰ নেতৃত্বত টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি ঘটনা ঘটিলে তিনি সপ্তাহৰ ভিতৰত দোষীক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা, আক্ৰান্তৰ পৰিয়ালৰ ক্ষতিপূৰণ প্ৰদান, দোষীৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ আৰু কৰ্তব্যত অৱহেলা কৰা আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

Your Comments