ইমৰাণ খানৰ বিস্ফোৰণ- নৱাজ শ্বৰীফ মোডীৰ দালাল

ইমৰাণ খানৰ বিস্ফোৰণ- নৱাজ শ্বৰীফ মোডীৰ দালাল

অহা বুধবাৰে অনুষ্ঠিত হ’ব পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। কিন্তু এই মুহূৰ্তত পাকিস্তানৰ এই নিৰ্বাচনত ভাৰত চৰ্চাৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে। এই চৰ্চা হৈছে বৰ্তমান কাৰাৰুদ্ধ প্ৰাক্তন পাকিস্তানী প্ৰধান মন্ত্ৰী তথা পাকিস্তান মুছলিম লীগৰ নেতা নৱাজ শ্বৰীফক কেন্দ্ৰ কৰি। আনহাতে, পাকিস্তানৰ প্ৰধান মন্ত্ৰী পদৰ অন্যতম দাবীদাৰ, ক্ৰিকেটৰ পৰা ৰাজনীতিৰ পথাৰত খোজ দিয়া তথা পাকিস্তান তেহৰিক-ঈ-ইনছাফ (পি টি আই)ৰ সভাপতি ইমৰাণ খানে নৱাজ শ্বৰীফক সমালোচনা কৰিবলৈ কোনো এটা বিষয়েই এৰাই যোৱা নাই।

অহা ২৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ পৰ্যায়ত ইমৰাণ খানে শ্বৰীফৰ বিৰুদ্ধে অভিয়োগ তুলি কয় যে নৱাজ শ্বৰীফে সদায় ভাৰতীয়ৰ ভাবনাক সুৰক্ষা প্ৰদান কৰি আহিছে আৰু পাকিস্তানৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰিছে।

modi_sharif


কৰাচীত অনুষ্ঠিত এক নিৰ্বাচনী সমাৱেশত ইমৰাণ খানে শ্বৰীফক এতিয়া ভাগৰুৱা আখ্যা দিয়াৰ লগতে কয় যে শ্বৰীফ আৰু তেওঁৰ দলে পাকিস্তান ৰাষ্ট্ৰৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ সমান্তৰালভাৱে ইমৰাণ খানে ভাৰতীয় সংবাদ মাধ্যমকো সমালোচনাৰ পৰা ৰেহাই দিয়া নাই। তেওঁৰ অভিযোগ, ভাৰতীয় সংবাদ মাধ্যমে শ্বৰীফৰ শ্ৰুতলিপি আওৰাই নিৰ্বাচনত ভোটাৰক বিপথে পৰিচালিত কৰিব বিচাৰিছে।

ইমানেই নহয়, নৱাজ শ্বৰীফক ভাৰতীয় এজেণ্ট বুলি কৈ তেওঁ মোডীৰ হৈ দালালি কৰা বুলিও প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, শ্বৰীফে সদায় পাকিস্তানী সৈন্য আৰু এই বিভাগটোৰ বিপক্ষে থিয় হৈ আহিছে। শ্বৰীফে অভিযোগ আনিছিল যে ২০০৮ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত পাকিস্তানী বিভাগ জড়িত আছিল। পি টি আইৰ নেতাগৰাকীয়ে লগতে কয় যে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহে পাকিস্তান চৰকাৰ দুৰ্বল হোৱাটো সদায় বিচাৰে।
 

Your Comments