বঙাইগাঁৱৰ জনসাধাৰণ আঞ্চলিকতাবাদী মনোভাৱৰ : মন্ত্ৰী ফনীভূষণ চৌধুৰী 

a

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে কালি বঙাইগাঁও জিলাৰো বঙাইগাঁও সদৰ মহকুমা আৰু মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ৭ খন জিলা পৰিষদ, ২৮ খন গাঁও পঞ্চায়তৰ সভাপতি আৰু ২৮ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে গাঁও পঞ্চায়তৰ সদস্যৰ আসনৰ বাবে যোৱা ৯ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পৰ্ব আৰম্ভ হয় ৷ বঙাইগাঁও চহৰৰ বঙাইগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত ভোট গণনাৰ বাবে ছয়টা ভোট গণনা কেন্দ্ৰ স্থাপন কৰি এই ভোট গণনা কাৰ্য চলি আছে ৷

ইতিমধ্যে  বঙাইগাঁও মহকুমাৰ অন্তৰ্গত ১৬ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনৰ ভিতৰত ৯ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ৯ খন আসনেই অগপ দলে দখল কৰিছে ৷ আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ১৬ খন আসনৰ ভিতৰত ঘোষিত ৭ খন আসনেই অগপ দলে নিজৰ দখললৈ নিছে ৷ আনহাতে মাণিকপুৰ মহকুমাৰ ১২ খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনৰ ভিতৰত ঘোষিত ৪খন আসনৰ ভিতৰত অগপই ২ খন, কংগ্ৰেছে ১ খন আৰু বিজেপিয়ে ১ খন আসন দখল কৰিছে ৷

আনহাতে ১২ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনৰ ভিতৰত কংগ্ৰেছে ২ খন, অগপই ১ খন আৰু বিজেপিয়ে ১ খন আসন দখল কৰিছে ৷ জিলাখনৰ অন্তৰ্গত বঙাইগাঁও আৰু মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ঘোষিত আসনৰ ফলাফল অনুসৰি বাতৰি লিখা পৰলৈকে অগপই ১৩ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন দখল কৰি অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে  আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ৯ খন আসন দখল কৰিছে ৷ সেইদৰে কংগ্ৰেছে ১ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন আৰু ২ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন লাভ কৰিছে ৷

বিজেপিয়ে ১ খন গাঁও পঞ্চায়ত সভাপতিৰ আসন আৰু ১ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসন লাভ কৰিছে ৷ মহকুমা দুটাত কংগ্ৰেছ আৰু বিজেপি দলৰ অৱস্থা সন্তোষজনক বুলি ক'ব নোৱাৰি ৷ বৰ্তমানলৈকে ঘোষিত বঙাইগাঁও মহকুমাৰ ফলাফল অনুসৰি ১নং পোপৰাগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ অশোক কুমাৰ দেৱ (প্ৰাপ্ত ভোট ১০৮৪টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আসনত অগপৰ ঘনকান্ত বৰ্মন (প্ৰাপ্ত ভোট ১১০০টা) বিজয়ী হৈছে ৷

২নং চাপৰাকাটা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ ব্ৰজ মোহন ৰায় (প্ৰাপ্ত ভোট ২২৪৫টা) আৰু  আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ৰেণু বড়ো (প্ৰাপ্ত ভোট ২২৭৪ টা) বিজয়ী হৈছে ৷ ৪ নং বঙাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদৰ আসনত অগপৰ তিলক নাৰায়ণ দেৱ (প্ৰাপ্ত ভোট ১৫৮১ টা) আৰু  আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত অগপৰ নীভা নাথ ( প্ৰাপ্ত ভোট ২৫৩৭ টা) বিজয়ী হৈছে ৷ ৫ নং ছিপনছিলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ সুবুংশ্ৰী নাৰ্জাৰী (প্ৰাপ্ত ভোট  ১৪২৬টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ কৃষ্ণা ৰাজবংশী (প্ৰাপ্ত ভোট ১৪৫৪ টা) বিজয়ী হৈছে ৷

৬ নং চোকাপাৰা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ বেলি বেলা ৰায় (প্ৰাপ্ত ভোট ২০৬৫টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ৰত্না বালা ৰায় (প্ৰাপ্ত ভোট ২০০২টা) বিজয়ী হৈছে ৷ ৯নং আটুগাঁও গাঁও পঞ্চায়ৰ সভাপতি পদৰ আসনত অগপৰ দিলীপ সিংহ (প্ৰাপ্ত ভোট ২০৩০টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ কৃষ্ণা চৌধুৰী (প্ৰাপ্ত ভোট ২০৭১টা) বিজয়ী হৈছে ৷ ১০নং বামুণীটিলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ দুৰ্গা প্ৰসাদ সৰকাৰ ( প্ৰাপ্ত ভোট ১৮২২ টা) আৰু আঞ্চালিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ মনোৱাৰ খান (প্ৰাপ্ত ভোট ১৮১২ টা) বিজয়ী হৈছে ৷ ১১ নং চিকিবিকি গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ আছমা খাতুন (প্ৰাপ্ত ভোট ১২৬০ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ শৈলেন সৰকাৰ ( প্ৰাপ্ত ভোট ১৩০৮ টা) বিজয়ী হৈছে ৷

আনহাতে জিলাখনৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ১নং ঝাউবাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত  কংগ্ৰেছ দলৰ হৈমা পাটগিৰি (প্ৰাপ্ত ভোট ২১৫০ টা) আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত কংগ্ৰেছৰ আজাদ আলী (প্ৰাপ্ত ভোট ২০৮২ টা) বিজয়ী হৈছে ৷
 ৫ নং ডাঙাইগাঁও গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ লালবানু বেগম (প্ৰাপ্ত ভোট ১৩২৩ টা) বিজয়ী হোৱাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ আঞ্জিলা বেগম (প্ৰাপ্ত ভোট ১১৭৯ টা) বিজয়ী হৈছে ৷ 

৬ নং ভাণ্ডাৰা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত অগপৰ জুৰাণ আলী ( প্ৰাপ্ত ভোট ২৬৩৬ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ আসনত অগপৰ ছাইদুল ইছলাম (প্ৰাপ্ত ভোট ২৫৫৬ টা) বিজয়ী হৈছে ৷ ১০নং পাতিলাদহা গাঁও পঞ্চায়তৰ সভাপতি পদৰ আসনত বিজেপিৰ বিপিন চন্দ্ৰ দাস ( প্ৰাপ্ত ভোট ১২১৬ টা) আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আসনত বিজেপিৰ মিঠুন দাস (প্ৰাপ্ত ভোট ১২৯৮ টা) বিজয়ী হৈছে ৷ এই মুহুৰ্তলৈকে বঙাইগাঁও আৰু মাণিকপুৰ মহকুমা দুটাৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ ঘোষিত সদস্যৰ আসনৰ ভিতৰত অগপ দলে ৭০ খন, কংগ্ৰেছ দলে ১৭ খন, বিজেপি দলে ১১ খন,  বিপিএফ দলে ১ খন, চিপিআই ( এম) দলে ১ খন আৰু নিৰ্দলীয় সদস্যই ২ খন  আসন লাভ কৰিছে ৷

ইপিনে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ ঘোষিত ফলাফল সন্দৰ্ভত কয় যে  বঙাইগাঁৱৰ জনসাধাৰন আঞ্চলিকতাবাদী মনোভাৱৰ । ইয়াত সদায়েই আমি জয়ৰ মুখ দেখিবলৈ পাও । নিৰ্ব্বাচনৰ পুৰ্ব্বেও কৈছো এতিয়াও কম যে ইতিমধ্যে বঙাইগাঁও মহকুমাৰ ৯টা পঞ্চায়তৰ ফলাফল ঘোষিত হৈছে আৰু আমি আটাইকেইটাতে জয়ী হৈছো । জিলা পৰিষদো আমি অগপ দলে দখল কৰিম । মিত্ৰ দল বিজেপিৰ বিষয়ে কোনো মন্তব্য নিদিয়ে যদিও মন্ত্ৰী চৌধুৰীয়ে কয় যে ষ্টাৰ কেম্পেইনাৰ আহিলেই যে জয়ী হব সেয়া কোনো কথা নহয় । 

শেহতীয়াভাৱে ঘোষিত ফলাফল অনুসৰি বঙাইগাঁও মহকুমাৰ ৩ নং দোলাইগাঁও জিলা পৰিষদ সমষ্টি আসনখন অগপৰ ৰঞ্জিতা ৰায়ে ( প্ৰাপ্ত ভোট ৫৩১৮ টা)  কংগ্ৰেছৰ ধনশ্ৰী বসুমতাৰীক ১৫৫০টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে ৷ 

Your Comments