গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
পঞ্চায়ত নিৰ্বাচন ২০১৮ৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত বিভিন্ন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাওঁ পঞ্চায়ত আৰু গাওঁ পঞ্চায়ত সদস্যৰ হৈ যোৱা নিৰ্বাচনৰ আজি ভোট গণনা কাৰ্যসূচী পুৱা ৮ বজাৰ পৰা হোৱাৰ কথা আছিল যদিওঁ, নিৰ্ধাৰিত সময়তকৈ ১ ঘন্টা ৪০ মিনিট পলমকৈ আৰম্ভ হোৱা গণনা আৰু বেলট পেপাৰৰ বিসংগতিয়ে এক অস্বত্বিকৰ পৰিবেশৰ সৃষ্টি কৰে । উল্লেখনীয়ভাৱে ৬নং ৱাৰ্ডৰ বেলট পেপাৰ ওলাল ৩নং ৱাৰ্ডৰ বাকচত ।
যদিওঁ জিলা উপায়ুক্ত উপস্থিত হৈ সকলো মীমাংসা কৰে। গোলাঘাটত প্ৰধানকৈ কংগ্ৰেছ আৰু বিজেপি মাজতে মূল যুঁজখন হোৱাৰ পৰিলক্ষিত হোৱাৰ লগতে আঞ্চলিকতাবাদী দল অগপৰ উত্থান দেখা পোৱা হোৱা নাই। প্ৰধানকৈ গোলাঘাটত বিজেপিৰ দুৰ্গ স্বৰূপ খুমটাই বিধানসভা সমষ্টিত শাওঁতলী পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিপালী তাঁতী ৪নং ৱাৰ্ড জিলা পৰিষদৰ কিৰণ তাঁতী জয়ী হয় । লগতে গাওঁ পঞ্চায়তৰ বিজেপিৰ ১নং ৱাৰ্ডৰ পপী বৰাইক আৰু ৩নং ৱাৰ্ডৰ উমেশ ৰাজুৱাৰ জয়ী হয় ।
মুঠতে খুমটাইৰ জিলা পৰিষদৰ অন্তৰ্গত শাওঁতলী গাওঁ পঞ্চায়তৰ ১০টা ৱাৰ্ডৰ ভিতৰত বিজেপি ৬ আৰু কংগ্ৰেছে ৪টা ৱাৰ্ড দখল কৰে । লগতে ব্ৰক্ষ্মপুত্ৰ জিলা পৰিষদৰ অন্তৰ্গত পূৱ মিছামৰা গাওঁ পঞ্চায়তৰ কংগ্ৰেছ ২ আৰু বি জে পিয়ে ৮ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে । একেদৰে মাটিখোলা গাওঁ পঞ্চায়তৰ ১নং আৰু ৫নং ৱাৰ্ডত বিজেপিৰ ৰুমী তিৰ্কী, সঞ্জয় মিশ্ৰ জয়ী হয় । লগতে গাওঁ পঞ্চায়তৰ ১০নং ৱাৰ্ডত কংগ্ৰেছ, ২ আৰু ৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হয় ।
ৱাটিং জিলা পৰিষদত ১ আৰু ৫ নং ৱাৰ্ডত কংগ্ৰেছে জয়ৰ মুখ দেখে । দৈয়াং জিলা পৰিষদৰ অন্তৰ্গত মাটিখোলা গাওঁ পঞ্চায়তো কংগ্ৰেছৰ প্ৰাৰ্থী ভাৰতী নাগবংশী সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ অনামিকা বাইলুং জয়ী হয়। আঠগাওঁ জিলা পৰিষদৰ অন্তৰ্গত কমাৰবন্ধা পঞ্চায়তৰ ৫টা ৱাৰ্ড কংগ্ৰেছে আৰু অন্য ৫ ৱাৰ্ড বিজেপিয়ে দখল কৰে ।
আনহাতে ৰতনপুৰ গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গনেশ সেনাপতি সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী প্ৰশান্ত হাজৰিকা জয়ী হয় । উল্লেখ্য যে, ৱাটিং জিলা পৰিষদৰ অন্তৰ্গত পুলিবৰ গাওঁ পঞ্চায়ত সম্পুৰ্ণৰূপে কংগ্ৰেছৰ দখলত আহে । ইফালে দৈয়াং জিলা পৰিষদৰ অন্তৰ্গত মাটিখোলা গাওঁ পঞ্চায়তৰ ১০ খন ৱাৰ্ডৰ ভিতৰত বিজেপি ৩ আৰু কংগ্ৰেছে ৭ টা ৱাৰ্ড দখলেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে ।
জানিব পৰা মতে কাইলৈ বিয়লি ভাগলৈ সম্পুৰ্ণ ফলাফল ওলোৱাৰ সম্ভাৱনা থকাৰ লগতে বৰ্তমানলৈকে আঞ্চলিকতাবাদী দল অগপৰ জন্মস্থানত দলটিৰ এনে শোচনীয় অৱস্থাই যে, আঞ্চলিকতাবাদৰ ভেঁটি লৰিছে বুলি বিজ্ঞজনে মত প্ৰকাশ কৰিছে।
- Log in to post comments
- 16 views