মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
লখিমপুৰ জিলা নিৰ্বাচনী বিভাগৰ গাফিলতি তথা দায়িত্বহীনতাৰ বাবে সৰ্বাধিক লোকৰ ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা কাৰ্যত ক্ষুণ্ণ হৈ যোৱা ৫ ডিচেম্বৰত ভোট বৰ্জন কৰাৰ পিছত আজি পুনৰ গ্ৰহণ কৰা হয় ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ।
উল্লেখ্য যে লখিমপুৰ জিলাৰ লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩নং আলিছিগা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোটাৰৰ পৰিমাণ সৰ্বমুঠ ৮৭৫জন ভোটাৰ আছে ।
এই ভোটাৰৰ পৰা সৰ্বাধিক লোকৰ ভোটাৰ তালিকাত নাম নথকা, বেলট পেপাৰ বিসংগতি আৰু সময়ৰ সমস্যাৰ বাবে এই ভোট কেন্দ্ৰৰ লোকসকল তথা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ মাজত এক সৰ্বদলীয় সভা অনুষ্ঠিত কৰি ভোটদানৰ পৰা বিৰত থাকে ।
ইয়াৰ পিছত লখিমপুৰ নিৰ্বাচনী বিভাগে আজি ১০ ডিচেম্বৰৰ দিনাটো ঘোষণা কৰি ভোট কেন্দ্ৰত ভোট গ্ৰহণ কৰে । ৮৭৫গৰাকী ভোটাৰৰ ভিতৰত ৭৬০গৰাকী লোকে ভোটদান কৰে ।
পুৱাৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে এক দীঘলীয়া শাৰী পাতি নব্বৈ শতাংশ হাৰত শান্তিপূৰ্ণভাৱে ভোটদান কৰে ।
- Log in to post comments
- 9 views